খবৰটো আমাৰ বেঁকীপৰীয়া গাওঁখনত পলকতে বিয়পি পৰিল ৷ নিকটৱৰ্তী গাওঁ দুখনলৈও গৰম খবৰটো বাগৰি যাওঁতে বেছি সময় নালাগিল ৷
খবৰটো শুনাৰ লগে লগে যিয়ে য'ত যেনেকৈ আছিল তেনেকৈয়ে হাতৰ কাম পেলাই থৈ ঘটনাৰ কেন্দ্ৰস্থল অভিমুখে দৌৰিবলৈ দৰিলে ৷
আমাৰ ঘৰলৈ চুবুৰিৰ মুখচোকা তিৰোতা এজনী মাক মাতি মাতি আহিল ৷ তাইৰ কণ্ঠৰ ফুল ভলিউমত আমাৰ ঘৰখন ৰজনজনাই গ'ল ৷ তাই গৰম খবৰটো আমাৰ ঘৰত নিউজ চেনেলৰ উৎসাহী সাংবাদিকে 'ব্ৰেকিং নিউজ' প্ৰচাৰ কৰাৰ দৰে ডিঙিৰ সমস্ত সিৰ ফুলাই প্ৰচাৰ কৰি দিলে-
- অ' বাইদেউ, কি আচৰিত ঘটনা, পদুমী বাইদেউহঁতৰ ক'লী ছাগলীজনীয়ে পোৱালি এটা জন্ম দিছে ৷ পোৱালিটোৰ চকু, কাণ, নাক, মুখ সাইলাখ মানুহৰ দৰে ৷'
- তই চাই আহিলি ? মায়ে সুধিলে ৷
- অ' এইমাত্ৰ চাই আহিলোঁ ৷ সবেই আচৰিত ৷ কিমান মানুহ যে আহিছে পোৱালিটো চাবলৈ ৷
'ক'ত আছে পোৱালিটো ?
'পশ্চিমৰ পথাৰত ৷'
'জীয়াই আছেনে?'
'নাই, মৰিছে ৷'
মা আৰু নবৌও পোৱালিটো চাবলৈ ঘটনাস্থলী অভিমুখে দৌৰ দিলে ৷
মোৰ মোবাইলৰ ৰিংটন বাজিল ৷ ৰীতা ৷ মোৰ সহপাঠী, বান্ধৱী ৷ আমি একে চুবুৰিৰে ৷ এতিযা ধুবুৰীত ৷ প্ৰাথমিক বিদ্যলয়ৰ টে'ট শিক্ষয়িত্ৰী ৷ ফোনটো ৰিচিভ কৰিলো ৷ তাইৰ উৎসাহী কণ্ঠ-
- আমাৰ গাৱঁতো ডাঙৰ ঘটনা ঘটিল দে ৷
- কি ঘটনা ? মই সুধিলোঁ ৷
- কিয় তই শুনা নাই ? পদুমী খুৰীমাহঁতৰ সাইলাখ মানুহৰ আকৃতিৰ ছাগলী পোৱালি এটা জন্ম হৈছে হেনো !
- শুনিছো ৷ চাবলৈ যোৱা নাই ৷ তোক কোনে ক'লে ?
- মায়ে ৷ এইমাত্ৰ ফোন কৰিছিল ৷ তই যা ৷ ছাগলী পোৱালিটো চাই আহ ৷ পোৱালিটোৰ ফটো হোৱাটচ্ আপত দিবি ৷ চাম মই আৰু শুন...
- কি ?
- নিউজ চেনেলক খবৰটো দিবি ৷ আমাৰ গাৱঁখনৰ কথা প্ৰচাৰ হওঁক ৷ টিভিত ওলাওক ৷ পেপাৰত ওলাওক ৷
ৰীতাৰ কথাত মই উৎসাহিত হ'লো ৷ লগে লগে ফোন কৰিলো জাহিদুল দালৈ ৷ জাহিদুল দা 'আছাম টকচ'ত কাম কৰে ৷ মোৰ লগত চিনাকি নোহোৱা নহয় ৷ আছে ৷ মই মোৰ পৰিচয় দি ক'লো-
- দাদা, ক'ত আছে ? সোনকালে আহক ৷ আমাৰ গাৱঁত বিৰাট ডাঙৰ ঘটনা এটা ঘটিছে ৷ মানুহ এঘৰৰ ছাগলী এজনীয়ে পোৱালি এটা জন্ম দিছে ৷ পোৱালিটোৰ মুখন সাইলাখ মানুহৰ আকৃতিৰ ৷
- হ'ব, এতিয়াই গৈ আছো ৷
- আহক, মই ঘটনাস্থলীতে থাকিম ৷ আমাৰ গাৱঁৰ নামঘৰৰ পৰা ডাইৰেক্ট পশ্চিম ফালে আহিব ৷
নতুন লংপেণ্ট-চাৰ্ট পিন্ধি, মূৰ আঁচুৰি মুখত ক্ৰীম অকণমান সানি মইও ছাগলী পোৱালিৰ জন্মস্থলীলৈ দৌৰ দিলো ৷ কি ঠিক, অদ্ভুত ছাগলী পোৱালিটোৰ সৈ'তে টিভিত ওলোৱাৰ সুযোগ পাবও পাৰো ! সাংবাদিক জাহিদুল দাই অন কেমেৰা মোক সুধিবও পাৰে- 'অদ্ভুত ছাগলী পোৱালিটোৰ জন্ম সম্পৰ্কে আপোনাৰ অনুভৱ ?'
কি ক'ম বাৰু তেতিয়া মই ? কবিতা কবিতা লগা সুন্দৰ- শুৱলা ভাষাৰে ফালি দিম বাপ্পেকে... ৷
এনে সুযোগ দুনাই নাহে ৷ জাহিদুল দাক কৈ মেলি অন কেমেৰা দু- আষাৰ ক'বই লাগিব ৷ এজুম মানুহ ৷ যেন এটা বিৰাট উৎসৱ ৷ যেন এখন বিৰাট জনসভা ৷ মানুহৰ সোঁত বৈয়ে আছে ৷ কিছুমানে ছাগলী পোৱালিটো দৰ্শন কৰি উভতি গৈছে ৷
ভিৰ ফালি মই আগুৱাই গ'লো ৷
অলপ অলপ ৷
এখোজ এখোজ ৷
উঃ ইমান ভিৰ !
আৰু কিমান দূৰ ?
কিমান পৰ ?
পদুমী খুৰীমাৰ মুখা- মুখী হ'লো ৷ তেওঁক অলপ চিঞৰিয়ে ক'লো-
- খুৰীমা, সাংবাদিকক খবৰ দিছো ৷ আহি আছে ৷ তেওঁলোক আহিলে ছাগলী পোৱালিটোৰ ফটো তুলিবলৈ সুবিধা কৰি দিব ৷ ৰাইজক অলপ বাট এৰি দিবলৈ ক'ব ৷ ডাঙৰ মানুহৰ লগত চিনাকি থকা বুলি মই মোৰ জয়ঢোল বজালো ৷
- সাংবাদিকে মোক কিবা সুধিব নেকি ? -পদুমী খুৰীমাই সুধিলে ৷
- ছাগলীৰ গৃহস্থ হিচাপে সুধিবও পাৰে ৷ আপুনি ঘৰলৈ গৈ নতুন ড্ৰেচ পিন্ধি আহকগৈ ৷
- নালাগে বোপা ৷ এনেকৈয়ে হ'ব ৷
- টিভিত ওলালে আপোনাক গোটেই অসমখনে দেখিব কিন্তু......
মই আকৌ খোজ আগবঢ়ালো ৷
পালো ৷ ছাগলী পোৱালিটো ভূ- লুণ্ঠিত হৈ পৰি আছে ৷ ছাগলী পোৱালিটো ভালদৰে চালো ৷
মই নাৰাজ ৷ নাৰ্ভাচ ৷ মোৰ উৎসাহ দমি গ'ল ৷ মই পাম্প যোৱা বেলুনৰ দৰে হ'লো ৷ নিজৰ ওপৰতে ভীষণ খং উঠিল ৷ ৰীতাৰ ওপৰতো ৷ ছাগলী পোৱালিটোৰ মুখন মানুহৰ মুখৰ লগত অকণো সাদৃশ্য নাই ৷ নহয়, ভুল হ'ল ৷ সাদৃশ্য আছে ৷ মানৱ শিশু নোমহীন হোৱাৰ দৰে ছাগলী পোৱালিটোও নোমবিহীন ৷
এনেতে মোৰ মোবাইলৰ ৰিংটন বাজিল ৷ জাহিদুল দাৰ ফোন ৷ জাহিদুল দাক এতিয়া মই কি কওঁ বাৰু... ? (সমাপ্ত)
ঠিকনাঃ বাৰাপেটা, বাক্সা
দূৰভাষঃ ৮৪৭৪০২১৫২৫








