এবাৰ হৰেণৰ ঘৈণীয়েক মালতীয়ে হৰেণৰ চৰিত্ৰৰ প্ৰমাণ চাবলৈ 'অৰুন্ধতী হাজৰিকা' নামৰ ফেক একাউণ্চ এটা খুলি হৰেণলৈ ফ্ৰেইণ্ড ৰিকুৱেষ্ট পঠিয়ালে । মহিলাৰ ফ্ৰেইণ্ড ৰিকুৱেষ্ট ! হৰেণে জাপ মাৰি ৰিকুৱেষ্ট একচেপ্ত কৰিলে । অলপ পিছতে অৰুন্ধতীৰ পৰা হৰেণলৈ মেছেজ আহিল
- Hi ! কি কৰিছে ? ভালনে আপোনাৰ ?
হৰেণ আচৰিত হ'ল । ৰিকুৱেষ্ট একচেপ্ত কৰিছেহে মাথো ৷ মেছেজ আহিলেই ৷
- ভাল । তুমি কি কৰিছা ?
- এনেই আছো । এটা কথা কওঁ বেয়া পাব নেকি ?
- নাপাওঁ । কোৱাচোন ।
- আপোনাৰ প্ৰফাইলটো মোৰ বহুত ভাল লাগিছে ।
- ধন্যবাদ দেই । তোমাৰ ঘৰ বাৰু বঙাইগাওঁতে নেকি ? প্ৰফাইলত দেখোন তেনেদৰেই উল্লেখ আছে ।
- হয় । মোৰ ঘৰ বঙাইগাওঁতে ৷
হৰেণ আৰু অৰুন্ধতীয়ে প্ৰতিদিনেই ইনবক্সত কথা পাতিবলৈ আৰম্ভ কৰিলে । কেইদিনমান পিছত হৰেণে অৰুন্ধতীলৈ এটা মেছেজ পঠিয়ালে-
- চোৱা, অৰুন্ধতী । আমাৰ দুয়োজনৰে ঘৰ একেখন চহৰতে । এদিন আমি চিনাকি হ'লে কেনেকুৱা হ'ব বাৰু ?
- wow ! nice idea..... কিন্তু আপুনি তেতিয়া হ'লে মোক ভাল gift এটা দিব লাগিব দেই । প্ৰথম প্ৰথম লগপোৱাৰ কথাটো ।
- নিশ্চয় । তাৰ বাবে তুমি একো চিন্তা নকৰিবা । এটা কাম কৰিবা । কাইলৈ দিনৰ ১১.00 বজাত তুমি হোটেল কণিষ্কৰ সন্মুখত ৰৈ থাকিবা । মই তোমাক তাতে লগ কৰিম । কিন্তু তোমাক মই কেনেকৈ চিনি পাম ? প্ৰফাইলত দিয়া তোমাৰ ফটোখন যে তেনেই অস্পষ্ট ।
- সেইটো আপুনি একো চিন্তা নকৰিব । মই নীলা শাড়ী পিন্ধি থাকিম । চকুত চানগ্লাছ থাকিব ।
- অ'কে....
পিছদিনা হৰেণে দিনৰ ১১.00 বজাত হোটেল কণিষ্কৰ সন্মুখত উপস্থিত হ'ল । দেখিলে যে ঘৈণীয়েক মালতীয়ে চকুত ছানগ্লাছ আৰু নীলা শাড়ী পিন্ধি তাত থিয় হৈ আছে । হৰেণক দেখিয়েই মালতী গৰ্জি উঠিল -- বদমাছ । ফেচবুকত প্ৰেমলীলা কৰি কৰি তোৰ হেঁপাহ নপলাল । এতিয়া চিধা হোটেলো পালিহি । বল আজি ঘৰলৈ । তোক আজি মই বছৰৰ আটাইকেইটা বিহু একেলগে দেখুৱাই দিম । যোৱা তিনিদিন ধৰি হৰেণ পলাতক অৱস্থাত আছে । কোনোবাই কিবা খবৰ পালে কাইন্ডলি ফোন কৰি জনাই দিবছোন ৷
ঠিকনাঃ টংলা








