বৰষুণৰ প্ৰতিপত্তি (নন্দিতা কলিতা)


উদিত সূৰ্য্যটোৰ সদৃশ কমলাবুলীয়া
সপোনক সাবটিব খুজিছিলো
চকু মেলি দেখিছিলো দাপোনত,
সপোনে খেদি ফুৰা
এখনি বিষন্ন মোৰ মুখ
আকাশ দিব খুজিছিলা মোৰ দুচকুত
আকাশৰ পৰা নামি আহিছিল
দোকাল- টকা বান
তোমাৰ ৰ'দৰ চিঠিখনেতই
লুক্কায়িত হৈ আছিল
বৰষুণৰ প্ৰতিপত্তি ৷

ঠিকনাঃ গুৱাহাটী- ৯
দূৰভাষঃ ৯৮৬৪০৮১৪­৪১