দুখৰ ঘৰত আলহী আজি মই (গীতিকা কলিতা)


মই
মই হৈ থকা নাই
বাৰীত টেঙা
ফুলিছে তাৰ সুবাস চুমিবলৈহে
তুলুকা হৈ থকা নাই এতিয়া ...।

উজাগৰে কটোৱা দিনবোৰত
কাণত বাজি থকা
জিলিৰ সুহুৰি বোৰ
ৰঙা পাখি হৈ
অচিনা ঘাটত নাৱৰীয়াৰ বন্দী হ'ল....।

সেন্দূৰীয়া বেলিৰ ছাতিৰ তলত
মেলি দিয়া ভিজা চুলিকোছা
আবেলি আবেলি গোন্ধ পাহৰি
দাপোণত চাই চাই হিচাপ কৰি আছো
কিমান ডাল আৰু বাকী আছে
শুকুলা ঘোঁৰাৰ পিছে পিছে দৌৰিবলৈ .....।

মোৰ ৰাজহাড়ত এতিয়া প্ৰচণ্ড বিষ
দুচকুত কৰাল লাগিছে সুখৰ স্ফুলিংগবোৰ....।