বাস্তৱ (বনানী ৰায়)


গুচি গৈ আছে সময়
ৰখি গৈ আছে জীৱন,
বাস্তৱতাৰ চকুত হেৰাই গৈ আছে
কৰবাত অস্তিত্বৰ ৰেঙনি ৷

গ্ৰীষ্ম যায় শীত আহে
আকৌ শীত যায় গ্ৰীষ্ম আহে,
প্ৰকৃতিৰ এই সংগীতত নাচি উঠে যে
প্ৰতিটো মুহূৰ্ততে কিমান জীৱন ?
সাগৰৰ প্ৰৱল ঢৌয়ে কেতিয়াবা বৰষুণৰ এটোপাল পানীয়ে
আৰু সময়ত মৃদু বতাহে
কিমান যে কাহানীৰ চিত্ৰ
কেতিয়াবা দুখত বিলীন হোৱা
আকৌ কেতিয়াবা সুখৰ
ছন্দত নাচি উঠা ।

প্ৰকৃতিৰ এই চিৰচৰিত নিয়মৰ
অধীন মানুহ,
কাঠৰ পুতলা হৈ নাচিয়ে থাকিব
কেতিয়াবা সময়ৰ দাস হৈ
আৰু কেতিয়াবা পৰিস্থিতিৰ স্বীকাৰ হৈ ।