মনৰ মাজুলী (কৃষ্ণ ৰয়)


নিমাতী ঘাটেদি কমলাবাৰীলৈ,
সপোনজাক দৌৰিছে ।
মনৰ মাজুলীখনে অাকৌ
ৰিঙিয়াই মাতিছে ।
শাওনৰ বৰষুণৰ অাচলত ধৰি
সেউজীয়া সপোনবোৰ তই লৈ ফুৰিছ ।
দূৰণিৰ ঐনিতমৰ মাতে ৰিঙিয়াই,
ঢপলিয়াইছে অচিনাকী কনেং
মনৰ মাজুলীখনি,
তোলৈ বৰ মনত পৰিছে ।
কাৰ সান্নিধ্যত বাৰু জীপালতোৰ সেউজীয়া অাকুলতা ?
জেংৰাই মুখৰ অাবেলিটোৰ কথা তই নকবি,
নেদেখাবি চাইমদেৰে টঙীঘৰত জোনাক,
মিচিং গাৱঁত অাপং খাবলে
মোক নামাতিবি,
মনত পৰে তোলৈ ।
শাওনৰ খহনীয়াই
তোক ৰোধিব নোৱাৰে,
লুইতখনেও প্ৰেমত পৰিব তোৰ ।
শালমৰা বালিচৰত জোনাক উমলা,
কমলাবাৰী ঘাটত কঁহুৱা ফুলা,
মোক নেদেখাবি মনত পৰে তোলৈ ।
মথাউৰি কাষৰ হালধীয়াত
ডুব যাওঁ মই ।
ফুলনিৰ তাতৰ শালত,
জুমি চাব মন যায় মোৰ ।
তোৰ ৰূপ যৌৱনত
মোৰ ছয় ঋতু কঁপে
অসমীয়া তিনি বিহুৰ শপত
মই অাকৌ অাহিম
তই মোৰ মনৰ মাজুলীখনেই হৈ থাকিবি ৷