কেনে আছা বুলি নুসুধিবা জানা,
ভালে আছো বুলি মিছাকৈতো ক'ব নোৱাৰো তোমাক,,,,
কেনেকৈনো কওঁ
তুমি এৰি যোৱাৰ পৰাই
নিজকে সলাই পেলালো ।
অজানিতে তুমি ভালপোৱাবোৰ
ভাল পাবলৈ ল'লো আৰু
বেয়া পোৱাবোৰ বেয়া পাবলৈ
জানা,
আজি কালি মই চকুত কাজল নলগাও
তুমি যে বেয়া পোৱা,
আজি কালি ওঁঠ ৰঙীলকৈ ও নোবোলাও
তুমি যে পচন্দ নকৰা,
অহ,
আৰু জানা
আজি কালি মই খিল খিলাই নাহাঁহো,
কাৰণ হাঁহিলে তুমি যে খং কৰিছিলা
কৈছিলা "ইমানকৈ হাঁহিলে নিজকে পাতল লাগে"
মোৰ তেতিয়া তোমালৈ বৰ খং উঠিছিল জানা ?
কাৰণ মোৰ হাঁহিটো মোৰ বৰ প্ৰিয় আছিল,
যেনেকৈ চকুৰ কাজল বা ওঁঠৰ,
এতিয়া মই সদায় তুমি বিচৰাৰ দৰে থাকো
যদিও জানো এতিয়া তুমি মোৰ নোহোৱা,
তেতিয়া ভাবিছিলো
প্ৰতিটো কথাতে বাধা দিয়াজনৰ লগত
কি দৰে কতাম জীৱনটো,,
আৰু এতিয়া ভাবো
তোমাৰ অবিহনে কিদৰে পাৰ কৰো সময়বোৰ ৷
ঠিকনাঃ চাবুৱা টাউন বি. ৱাৰ্ড ।








