নিয়ৰ, দুবৰি খৰিকাজাই...
কবিতাৰ পংক্তিতটো এইবোৰ তেনেই সাধাৰণ,
কিন্তু বৰ্তমানৰ ব্যস্ততাই জানো বুজি পাই
সেউজীয়াৰ ৰহস্য ।
ব্যস্ত জীৱনৰ যান্ত্ৰিকতাৰ মাজত জানো বিচাৰি পাওঁ
কেচা মাটিৰ গুন্ধ ।
বিচাৰি পাম জানো আজি
আঘোনৰ সোণোৱালী পথাৰখন ।
ব্যস্ত, কেৱল ব্যস্ত
আজি কাৰোৰে সময় নাই
এবাৰ অতীতলৈ ঘূৰি চাবলৈ ।
আজি পাহৰিয়ে গৈছে
অতীতৰ সেই সোণোৱালী সময় ।
আজিৰ ব্যস্ততাই হেৰুৱাই পেলাইছে
ধৰণীৰ স্বক্ৰীয় মাধূৰ্যতা ।
নতুন লাভৰ প্ৰাপ্তিত আজি
হেৰুৱাৰ হিচাপ উলিয়াবলৈ আমাৰ সময় নাই ।
মাথো দৌৰিছো...
আধুনিকতাৰ বাসনা পুৰাবলৈ
টকা, সম্পত্তিৰ পাছত মাথো দৌৰিছো ।
আৰু আঁকোৱালি লৈছো
যান্ত্ৰিকতাৰ এক ব্যস্ত জীৱন ৷
ঠিকনাঃ ঢকুৱাখনা, লখিমপুৰ








