নিসংগতাৰ লগৰী (দীপজ্যোতি দাস)


মোৰ কলিজাৰ প্ৰতিটো কোনত
এতিয়া মাথোঁ তুমিয়ে, ৰুনজুন ।
তুমি মোৰ কলেজীয়া স্মৃতি ৷

ৰুনজুন,
তুমি যেতিয়া ক্লাছলৈ আহা
লগৰবোৰে মোক খুইব জোকাই জানা
তেতিয়া মাথোঁ নিজকে বচাব বিচাৰো,
এক অপৰাধীৰ দৰে ৷
ভয় হয়, কিজানিবা তুমি শুনি পোৱা ।

সদায় ভাবো আজিৰ বাদে
তোমাৰ লগত আৰু কথা নাপাতো ।
কিন্তু কি কৰিম
হোৱাটচ্ এপৰ খিৰিকী খন খোলাৰ লগে লগে,
সোঁহাতৰ বুঢ়া আঙুলিটোৱে নিজে
বিচাৰি লয়,
সেই নিৰ্দিষ্ট নামতো ।

দুখৰ বোজাবোৰ কঢ়িওৱা
বৰ কষ্টকৰ অ' ৰুনজুন,
সেয়েহে আঁতৰিব বিচাৰিছো
ভুল নুবুজিবি ।