জ্বলি ছাই হোৱা পঁজা এটিৰ
সেউজীয়াবোৰে কান্দে এন্ধাৰৰ ডিঙিত,
শৰীৰৰ তপ্ত শোণিতৰ প্ৰবাহ জাঁহ
যায় অদৃশ্যৰ পিঠিত,
ভুমিষ্ঠ হয় দুখৰ কাল সৰ্প
বিষাদে আঁচোৰা বুকুৰ তিক্ত পানীত ৷
মৃত নগৰীৰ উচ্ছশৃংখল
গতি ধাৰাত কঁম্পমান দুচকু,
প্ৰাপ্তিহীনতাৰ কলৰৱ ধ্বনি
হুতাহ মাতৰ শব্দ,
মুখৰিত হৃদয়ৰ ৰাজকাৰেঙ,
বাস্তৱতাৰ দৰিদ্ৰ কুটীৰত
এসোপা আত্মগ্লানীৰ ঝংকাৰ !
দুগালত জিকমিকাই
গলিত বুকুৰ সীহ,
ডাৱৰৰ বুকুত উমাই
নিয়তিৰ ক'লা বিষ ৷
সুখৰ ওঁঠবোৰ লেৰেলী শুকাই !
বিদগ্ধ আঙুলীত উদয় হয় শূন্যতা,
শান্তিৰ আঁৱৰণ গুচাই জোনাকে হাঁহে,
নিহত হয় বুকুৰ স্বাধীনতা ৷
মই শোকাভিভূত হৈ পৰো দুখত ৷
ওফন্দি উঠে শ্মাশানৰ মাটি,
শান্তিহীনতাৰ বিপুল ভৰত ৰুদ্ধ হয় কণ্ঠ,
দোৰোল খাই পৰে হৃদয় !
আৰম্ভ হয় জীৱনৰ ন ন অশান্ত নীতি ৷
ঠিকনাঃ বালিকুছি, নলবাৰী








