নগ্ন হৃদয় মোৰ
উদং বুকুত
নিগাজি হয়
স্মৃতিৰ সোৱৰণ ।
তোমাৰ সান্নিধ্যত
জীপাল হৃদয়
আজি অশান্ত জৰ্জৰিত ৷
বিষাদ চহৰত আজি
আমৰণ অনশন
গজি উঠে
ক্ষোভৰ উদগীৰণ ৷
হুমুনিয়াহৰ সৈ'তে
কৰিছো বিলাস,
চিগাৰেটৰ ধোৱাৰ সৈ'তে
বিলীন কৰিছো
এটি এটি ক্ষণ
তথাপিও মন
হোৱা নাই ক্ষান্ত ৷
শূন্যৰ দিশে আগুৱাই
ভৰি দিলো মহাশূণ্যত
দশোদিশে দেখিছো
কেৱল অন্ধকাৰ ৷
ঠিকনাঃ নলবাৰী
ঠিকনঃ ৯৯৫৪৮৬০৮০১








