ঠিকনাঃ বোকাখাত
সেই দিন বোৰ
হাঁহিৰে উপচি আছিল
ন প্ৰভাতে জীৱনক আমন্ত্ৰণ দিছিল
মনে বতাহৰ লগত কথা পাতিছিল
সপোনে কলি মেলিছিল
আশায়ে অমৃত সেৱন কৰিছিল
যৌৱনে জীৱন গীতত ৰং সানিছিল
জীৱনৰ গতিয়ে কেতিয়া ৰং সলালে
সন্ধিয়ানো কেতিয়া আহিলে
বৰষুণত জাপি ল'ব পাহৰিলো
সেই বুলি জীৱন ৰৈ গ'ল জানো
প্ৰকৃতিয়ে নিয়ম সলালে জানো
ধ্বংস হয় সৃষ্টিৰ গীত গাবলৈ
আজি যি কালি সেয়া নহ'ব পাৰে
বিশ্বাসৰ ডোলে আশাক বান্ধি
আকৌ এবাৰ সপোনৰ ফুল ফুলাব লাগিব ৷








