চহকী সপোন বোৰে ৰিঙিয়াই দূৰৰ পৰা
কাণ পাতি শুনো
চকু মুদি দেখো
এজাক সুখৰ বৰষুণ
টুপ টুপ টাপ টাপ
বৰষুণ জাকত হাত মেলি দিও
তাই মই আৰু ৰাতিটো একেলগে তিতো
ধুসৰ ক'লা সাজযোৰ ৰঙীন হৈ উঠে
চকু চৰহা সময়ে আকৌ এচাৰি য়ে সপোন ভাঙে
চকু মেলি চাওঁ
বৰষুণ নেদেখো
মূধচ ফুটা চালে
ধুনীয়া জোনটো চাই
নীৰৱে চকুযোৰ মুদে ৷
দূৰভাষঃ ৮৪৮৬৩৭৬০৩৭








