দুখ মোৰো লাগে
চকুপানী মোৰো ওলায় ৷
বেদনাবোৰ যেতিয়া
শব্দ হৈ ওলাই আহে,
অন্তৰে উচুপি উঠে ৷
হেৰুৱাৰ বেদনাত
বুকু খন ছটফটাই উঠে ৷
দুচকুৱে অশ্ৰু নিগৰি আহে ৷
মনে মোৰ চিঞৰি উঠে
যেতিয়া তোমাৰ প্ৰতিচ্ছবিয়ে
মোৰ হৃদয়ত লুকাভাকু খেলে ৷
তোমাক বিচৰাটো
ঠিক যেন,
মৰুভূমিত সাগৰ বিচৰাৰ দৰে ৷
তথাপি কিয় নাজানো ?
নিসংগতাৰ মুহূৰ্তত
মনে মোৰ তোমাক বিচাৰি উঠে ৷
ঠিকনাঃ কমাৰগাওঁ ৷








