অনুৰোধ (পিকি পাৰবীন)


এটি নামে আজি ৰিঙিয়ায়
মোৰ ভাগৰুৱা মন জগতখনক...
"এবাৰ আহ আৰু উভতি চা
বেলিৰ তেজাল উষ্ণতাক,
বিষাদবোৰ গলিব
আশাৰ ইন্দ্ৰধনুখন বৈ যাব...
এবাৰ আহি চা........

আপুনি হয়তো নেজানে
বাস্তৱৰ সৈ'তে মোৰ সহবাসৰ কথা..
মই ভয়াতুৰ
নিসংগতাত ডুবা ৰাতিবোৰৰ
গানৰ মাজেদি ভুমুকি মৰা মুখবোৰৰ
সপোনৰ কাঁচঘৰ ধ্বংসস্তুপ হোৱাৰ ভয়ত
হ্ৰাস হয়গৈ মোৰ বাকশক্তিৰ জেদভাৱ...

পাকচক্ৰৰ কুটিলতাত মই
আসক্ত এটি নামৰ
যিজনৰ বুকুত খোদিত আছে
এটি গীতৰ লানি নিচিগা সেউজীয়াবোৰ
'ব্যস্ততা'ৰ আচ্ছাদনেৰে ঢাক খোৱা
এটি মিঠা মন,
যিজনৰ হিয়াত অবিৰাম বয়
গুণ শ্ৰেষ্ঠ- মানৱতাৰ ৰক্ত- কণিকা ৰাশি..

হেৰৌ... অনামী পথৰ অক্লান্ত পথিক.. !
মোক সযতনাই ৰাখিবনে
হিয়াৰ তলাতল ঘৰটিৰ
এটি মাথোঁ জেকা- লগা কোণত ?
কেৱল জীপাল হ'ম
অচিন বাঁহীৰ মাজেদি অঁকা
আপোনাৰ জীৱন- অধ্যায়ৰ এটি
চিনাকী নাম হৈ...

ঠিকনাঃ পুঠিমাৰী মহাবিদ্যালয়, সোণেশ্বৰ
কামৰূপ জিলা (গ্ৰাম্য), অসম