শেৱালি শেৱালি গোন্ধাইছে (হৃদয় মৃণাল)


অনুভৱেই কৰিব পৰা নাছিলো
পদূলিৰ দিশেৰে অহা
কিহৰ আমোল- মোল গোন্ধে
মোৰ হিয়াখনি কৰি তুলিছে উন্মনা !
নিয়ৰৰ স্নিগ্ধ পৰশতহে বুজিলো
শৰৎ হেনো আহিছে
উছাহৰ উশাহ
হাতৰ মুঠিত খামুচি ধৰি ৷

চৌদিশে শেৱালি শেৱালি গোন্ধাইছে
হৃদয় পথাৰত শাৰদী ফুল ফুলিছে
আকাশতো জিলিকিছে শাৰদীয় গ্ৰহ নক্ষত্ৰ ৷

শৰত আহিল মানেই
গছে- পাতে হিয়া- মনে সকলোতে
সজীৱতাৰ বতাহ এজাকে
জীপালতাৰ কোমল ৰ'দ এমুঠি সিঁচি দিয়ে ৷

দূৰভাষঃ ৯৭০৬৬৯৪৮৯২