মোৰ বুকুলৈ প্ৰথমজাক প্ৰেমৰ বৰষুণ নমাইছিল
তোমাৰ দুচকুৰ চিকমিকীয়া বিজুলী দৰাই,
বুকুত গাজিছিল
দুচপৰা ডাৱৰে খুন্দিয়াই মৰা গাজনি,
যাৰ পৰশত ওঁঠত হাঁহি সানি নাচিছিলো
উত্তাল প্ৰেমিক হৈ অজান শিহৰণত ৷
নুবুজিলো কাহানিও
প্ৰথম প্ৰেমৰ সেই প্ৰথম বৰষুণ জাকত
নামি আহিব বুলি
হৃদয়ৰ বিষাক্ত বেদনাৰ এছিডৰ টোপাল ।
যাৰ বাবেই আজি মই
মৰিমৰি জীয়াই থকাৰ দৰে অচিন বেমাৰী ৷
কাকনো ক'ম
কোনেনো শুনিব আজি
মোৰ বিষাদ ভৰা কাহিনী আছিলা যি
তুমিয়েই আজি তুমিও নাই
আঁতৰি গ'লা
আৰু একো নলাগে মাথোঁ লাগে
তোমাৰ দুবাহু
য'ত মই মোৰ থৈ দুচকু মুদিম
তোমৰেই পৰশ লৈ ।








