বানপানী আহে বানপানী যায়
আমোলা বিষয়াৰ জেপ গৰম হয়
হা হুমুনিয়াহৰে জনতা থাকে জীয়াই
সমস্যাবোৰ সদায় সমস্যা হৈয়ে ৰয়....
বানপানী আহে বানপানী যায়
চকুৰ সন্মুখতে বিধংসী বানে
উটুৱাই লৈ যায় আপোন ঘৰখন
ঠিকনা হেৰুৱাই
হৈ পৰে সেইসকল নিঠৰুৱা
বানপানী আহে বানপানী যায়
সেউজীয়া সপোনবোৰ কলিতে মৰহি যায়
খেতিয়কৰ তেজবোৰ গোট মাৰি বৰফ হয়
এমুঠি অন্নৰ বাবে
এখনি বস্ত্ৰৰ বাবে
কাৰোবাৰ কৰুণাৰ পাত্ৰ
হ'ব লগীয়া হয়.....
বানপানী আহে বানপানী যায়
জীৱ জন্তুৰ দুখ দুৰ্দশা কোলাই পাচিয়ে নধৰা হয়
আশ্ৰয়ৰ সন্ধানত অহা প্ৰাণীবোৰ জীৱশ্ৰেষ্ঠৰ চিকাৰ হয়....
বানপানী আহে বানপানী যায়
খাদ্য বস্তুৰ নাটনি হয়
বস্তুৰ জুই চাই দাম বাঢ়ে
চৰকাৰৰ অস্তিত্ব ৰাইজে নেদেখে......
বানপানী আহে বানপানী যায়
মানৱ সম্পদ গঢ়া কাৰখানাবোৰো
পানীত বুৰ যায়
শিক্ষাৰ অমূল্য সময়
অবাবতে নষ্ট হয় ৷
ঠিকনাঃ নগাওঁ, হাতীমাৰা








