(১)
তেওঁক চুই যোৱা বতাহজাকৰ পৰা লোৱা
মোৰ
উশাহবোৰ,
নিশাহত এৰি নিদি,
ভিতৰতেই ৰাখিব পৰা হ'লে !
(২)
তুমি
ইয়াৰ পৰা যোৱাগৈ
থাকিলে, মোৰ দুচকুৰ ভুলত
বুকুৱে উশাহ ল'ব পাহৰে
।
(৩)
তোমাক দেখি,
এখন্তেক মোৰ উশাহবোৰ মৰি গৈছিল ৷
তোমাৰো হয়
চাগে এনেকুৱা
আইনা যেতিয়া চোৱা ।
ঠিকনাঃ বগুৰীহাটি, নলবাৰী ।