ছয় ৰিপুত বন্দীত্ব
এই মানৱী
দেহাৰ
প্ৰয়োজন এখন মুক্ত আকাশ
সময়ে স'তে আখৰা কৰা
মানৱী দেহাৰ
প্ৰয়োজনীয়
সৃষ্টিৰ প্ৰাকক্ষণত
এখন মক্ত আকাশ
নীৰৱে ব্যক্ত কৰিবলৈ
জীৱনৰ
বহু গোপন অধ্যায় ।
মায়া বজাৰৰ মিছা অভিনয়ত
যদিওবা প্ৰাপ্তিয়ে আকাশ
চুম্বে
বিচাৰে সুখ- দুখ ভালপোৱা হৃদয় খনে নিগাজীকৈ
এখন মুক্ত আকাশ ।