(১)
বৈ অহা ভালপোৱাৰ নৈখনি
যাৰ বুকুত থিতাপি ল'ব
ডঁৰিয়লিত বহি মোৰ অশান্ত মনে
সন্ধিয়াৰ পৰত মুখখনি পখালিব....
যাৰ প্ৰেমৰ লহৰে লহৰে
সাতোৰঙী সপোনে অনুভৱৰ প্ৰলেপ আনিব.....
(২)
জীৱনৰ ৰঙবোৰ ক্ৰমশঃ উথলি উঠে
আইয়ে আলসুৱা সোণোৱালী বাটত
স্তনত দুগ্ধপান কি অনাবিল অনুভৱ
আইৰ আঁচলৰ তলত....
(৩)
শ্যামলী ধৰাৰ কোমল বুকুখনি
দিলেহি কোনে মোক চিনাই
সোণাৰু ফুলীয়া সপোনবোৰে উঠা- নমা কৰা
আইৰ মৰমৰ দুৰন্ত সোঁত
মোৰ হৃদয়ৰ মাজেৰে বৈ যাই....
(৪)
অন্ধকাৰ আঁতৰাই
মোৰ মন কুঠৰী কোনেনো আজীৱন পোহৰাই
এয়াই মোৰ আই
অসহ্যকৰ ভোকতো নিজে নাখাই
হাঁহি মিচিকিয়াই মৰমেৰে মোক খুৱাই
কি যে অনাবিল সুখ- আনন্দ পায়.. !
(৫)
গংগা জল যিমান পৱিত্ৰ
তাতোকৈ পৱিত্ৰ আইৰ হিয়াৰ মৰম
আইৰ সমান বিশালতা
ক'তোৱেই দেখোন বিচাৰি পোৱা নাই
লাগিলে হওঁক
আইৰ কোলাই মোৰ মৰণৰ ঠাই.....!
ঠিকনাঃ নলবাৰী
দূৰভাষঃ ৯০৮৫০১০২৫৪








