অপ্ৰিয় সত্যৰ চানেকিৰ ছাঁয়া ! (দিব্যা জ্যোতি বৰুৱা)


অনুনয়- বিনয় আৱেগ আৰু অনুভূতিবোৰ
আধুনিক হ’ল…
টকাৰে এটি ঘৰ সাজিব পৰা হ’লে
মই মোৰ সমাজখনৰ প্ৰিয় হব পাৰিলোহেতেঁন…
ক'লামূখৰ দুৰ্নীতিৰে ভদ্ৰ মূখা পিন্ধাৰ সুযোগো পালোঁহেতেঁন…
দেখাত সুন্দৰী হোৱা হ’লে
বিলাসী গাড়ী থকা ডাঙৰ মানুহৰ পুতেকক
প্ৰেমত জালত পেলাবও পাৰিলোহেতেঁন…
হয়তো ডাঙৰ কোম্পানিৰ তথা চাকৰিয়ালৰ ঘৈণী হৈ অহংকাৰ কৰিবও শিকিব পাৰিলোহেতেঁন…
চিন্তা বোৰো অন্য ধৰণে চাগে কৰিব শিকিলোহেতেঁন…
এজনী হাত দীঘল জমিদাৰৰ জীয়ৰী হোৱা হ’লে…
চাকৰিও পোৱাও কঠিন নাছিল…
কোনোবা জমিদাৰক কেতিয়াবাই টকাৰে কিনি
ফেনৰ তলত অফিচৰ ফাইল গণি থকাৰ সুযোগ পালোহেতেঁন…
কিম্বা টেবুলৰ তলিৰে চাহপানীও খালোহেতেঁন…
শিক্ষাৰ সুযোগবোৰ এনেদৰেই পালোহেতেঁন…
হয়তোবা…

তাৰে এটাও নহয়… কিতাপৰ সূত্ৰ,
পৰীক্ষাৰ নম্বৰো ব্যৰ্থ এই সমাজৰ পৰীক্ষা হলত…
সৎ বোৰ বেকাৰ নামত ৰৈ যায় আৰু
অসৎ বোৰৰ সপোনে জখলা বগায়…
নিষ্ঠুৰ বোৰে সিংহাসন পায় আৰু
সৎবোৰৰ পৰিচয় হেৰায়

প্ৰান্ততঃ মই এই সুকীয়া জীৱনৰ মাদকতা ভৰা সুখ- দুখ
হয়তো নাপালোহেঁতেন… !

ঠিকনাঃ সৃজনগ্ৰাম ৷
দূৰভাষঃ ৯৬৭৭১৫২২০৭