তুমিটো মোক ভাল পাইছিলা
তোমাৰ সুবিধা
তোমাৰ আৱশ্যক অনুযায়ীহে
.
তুমি মোৰ বাবে আছিলা প্ৰেৰণা
আৰু
মই তোমাৰ বাবে বাবে আছিলো
এটা মস্ত বোজা ৷
স্পষ্টবাদী নোহোৱাৰ বাবে হয়তো
মই বুজিব নোৱাৰিলো তোমাক ৷
তুমি মোৰ বাবে আছিলা এটা সাঁথৰ....
আজিকালি সপোন দেখো
সপোনত নষ্টালজিয়া
আৰু
নষ্টালজিয়াত তুমি ৷
তুমি মোক সঁচা অৰ্থত ভাল পাইছিলা...
সেইয়া মাথো মোৰ এটা ধাৰণা আছিল ৷
হয়তো ভাল পাইছিলা
কিন্তু
সময়ত গৰাহত আঁতৰি গৈছিলা
নীৰৱ নিস্তব্ধ এটা
কেঁকুৰিৰ মাজত এৰি
এতিয়া চিগাৰেট, নষ্টালজিয়া আৰু
মই....
মাজে সময়ে কবিতা লিখো
আৰু পি মাতাল হৈ থাকো,
অৱশ্যেই,
তুমি মোৰ লগত নাই,
সেয়েহে পোহৰো নাই
কেৱল আন্ধাৰ মোৰ বাবে চিনাকি ৷
যদিও মই প্ৰেম আকলুৱা
তথাপি তুমি তুমিহীনতাই মোক
আঁতৰাই আনিব পৰা নাই
তোমাৰ দৃশ্যমান স্মৃতিৰ পৰা
সেয়েহে কৈছো-
তুমি মোক কিয় ভাল পাইছিলা ?
ঠিকনাঃ কাজিৰঙা








