মৃত্যুৰ তাড়না (কাৱেৰী কাশ্যপ বৰা)


হাহাকাৰত সন্নিৱিষ্ট একোটি নিশা
প্ৰতিটো পলত তেওঁক পোৱাৰ তাড়না,
অজস্ৰ কষ্টৰ শেষত সেই তেওঁজন
তেওঁজনৰ বাবেই হাজাৰ ত্যাগ ৷

উজাগৰীয়া প্ৰতিটো নিশা তাইৰ
কান্দোনত ভাগি পৰা এখন হৃদয়
উচুপি তাই চাই ৰয় আকাশলৈ
দূৰৰ পৰাই আন্ধাৰবোৰে ৰিঙিয়াই ৷

উচুপনি বোৰ চকুলো হৈ বাগৰি যায়
অজান এক শংকাত ব্যাকুল তাই
নেদেখাজনৰ ওচৰত এশ সেৱা
ঘূৰি আহক তেওঁজন তাইৰ সমীপলৈ ৷

কষ্টবোৰে তাইক আজি হেঁচুকি মাৰে
তাই থিয় হ'বলৈ যত্ন কৰে...
খহি যায় তাই থিয় হৈ ৰোৱা ভূমি
ক্ৰমশঃ অৱশ তাই; ক্লান্ত এক শৰীৰ ৷

বাস্তৱ জীৱনৰ হাজাৰ ৰঙীন ছবি
তাই চাই ৰয় এখন শুভ্ৰ ছবি বিচাৰি
ছবিখনত কোনো বৰ্ণিল অধ্যায় নাই
এখন মাত্ৰ উকা কাগজ; তাতেই শান্তি ৷

কান্দোনবোৰ উজাই আহে ডিঙিলৈ
তাই চেপি ৰাখে হাজাৰটা ক্ৰন্দন বুকুত
মাজনিশা উচুপনি বোৰে লগ দিয়ে আহি
তাই শুই পৰে নিসংগতাবোৰক কাষত লৈ ৷

তাই শিল হ'বলৈ অপাৰ চেষ্টা কৰে
লোটকবোৰে তাইক গলাই শেষ কৰে
নিজৰ সৈতে যুঁজ তাইৰ অনাদিৰে পৰা
অৱষাদে আঁৱৰা শৰীৰ; অস্থিৰ তাইৰ মন ৷

আজি তাই শুব খোজে শান্তিৰে এপলক
পুনৰ জাগি উঠাৰ আশা কণক শেষ কৰি
শুব খোজে কোনেও উমান নোপোৱাকে
দুচকু জপাব খোজে মেলিব নোৱাৰাকে ৷

ঠিকনাঃ দেৰগাঁও