চন্দাস্মিতা,
তোমাৰ উশাহত এজাক পছোৱা,
তোমাৰ বুকুৰ ৰন্ধ্ৰে ৰন্ধ্ৰে বিয়পে ফাগুন ৷
তোমাক দেখিলে এনেকুৱা লাগে যেন
তুমি বহু অভিমান লৈ জীয়াই আছা;
কিন্তু এই সকলোবোৰ মিছা কথা ,
আচলতে তুমি
বহল হৃদয়ৰ এজনী ধুনীয়া ছোৱালী ।
কুৰ্তা দুপাট্টা পিন্ধি তুমি গণিত বিভাগত বহি থাকা,
মগজু খটুৱাই pure mathematics ৰ
অংকবোৰ সমাধান কৰিব চেষ্টা কৰা,
মাজে মাজে তুমি বিফল হোৱা;
আৰে....
তাত মোৰ মৰম অকণ বাকি দিয়ানা !
কিজানিবা অংকবোৰ মিলি যায় !
তোমাৰ বাবে হয়তো জটিল pure mathematics,
মোৰ বাবে আকৌ এইবোৰ
একো একোটা আচৰিত যেন লগা শব্দ ।
তুমি চশমা নিপিন্ধিবা চন্দাস্মিতা....
চচমা পিন্ধিলে মোক আগৰ কথাবোৰে
জুমুৰি দি ধৰে;
তুমি চচমা নিপিন্ধিবা...
মোৰ ভাল নালাগে ।
আচ্ছা চন্দাস্মিতা,
অংকবোৰ নিমিলিলে তুমি বাৰু কি কৰা ?
তাহানিৰ দৰে হাতৰ পৰা পেনটো দলিয়াই দিয়া
নে আৱেগৰ চকুলো টুকা ?
মোৰ সপোনৰ আকাশখনত তুমি আৰু জোনাকী পৰুৱা হৈ নাথাকিবা চন্দাস্মিতা
বাস্তৱক উপলব্ধি কৰিবলৈ শিকা ৷
মই জানো
তুমি মোক ভালপোৱাৰ দৃষ্টিৰে চোৱা নাই কেতিয়াও,
তথাপিও তোমাক ভাল পাইছিলো সঁচা অন্তৰেৰে,
নিজৰ সকলোখিনি উজাৰি দিছিলো
কেৱল তোমাৰ বাবে
চন্দাস্মিতা,
তোমাৰ বাৰু মনত আছেনে
তুমি যে কৈছিলা
"এই পৃথিৱীৰ পৰা হেৰাই গ'লে বাৰু কি কৰিবা ?"
মই যে কৈছিলো
"আহ ! পাগলামি নকৰিবা না ! "
বাৰিষাৰ ঢল হৈ
মোৰ ওচৰলৈ এবাৰ উভতি আহানা চন্দাস্মিতা,
মই যে তোমাৰ বাবে এতিয়াও অপেক্ষাৰত







