নিৰ্যাতন (গীতি কংকনা বৰা)


হেৰুৱাই পেলাইছা নেকি সাহস ?
আভিজাত্যৰ অহংকাৰেৰে
বুকু ফিন্দাই থকাৰ সময় নহয় এয়া ৷
নাৰী, তুমি নিৰ্য্যাতিতা কিয় বাৰে বাৰে ?
কিয় নাৰী সত্বাত এক গুচাব নোৱাৰা দাগ ?
এটা নিয়মিত বাতৰি
নাৰী নিৰ্য্যাতন ৷
মুক্ত হ'ব নোৱাৰোনে আমি ?
বুকু ডাঠ কৰি কিয় প্ৰতিবাদ কৰিব নোৱাৰো ?
পাৰিমেই বা কিয়
যদিহে ভদ্ৰতাৰ মুখা পিন্ধা ভণ্ডলোকেৰে
ভৰি থাকে আমাৰ সমাজ ।
আজিৰ সমাজত নৰৰূপী পিশাচৰ দপদপনি ৷
কোনো মাতৃ, ভগ্নীৰ আৰ্তনাদ ৷
নিশাৰ আন্ধাৰত কাৰোবাৰ কান্দোন, হুমুনিয়াহ
য'ত নাৰীয়েই সৃষ্টিৰ আধাৰ,
অথচ নাৰীৰেই ধ্বংস বিভীষিকা ৷

সাহস নেহেৰুৱাবা নাৰী
তুমি শক্তিৰূপী,
সমাজৰ ভদ্ৰৰূপী ভণ্ডৰ অনিষ্ট কৰি
মাৰা বিজয়ৰ হাঁহি ৷

ঠিকনাঃ স্নাতক তৃতীয় বৰ্ষ,
উত্তৰ লখিমপুৰ মহাবিদ্যালয়