
কৰ্মসূত্ৰে গুৱাহাটী লৈ অহা আজি বহু দিনেই হ'ল
৷ মা- দেউতাক ফোন এটি কৰিবলৈ সময়ৰ আহৰি হোৱা নাই । কি যে ব্যস্ততা । উফ ! কাইলৈ
দেওবাৰ । ঘৰলৈ এটি ফোন কৰিব লাগিব বুলি ভাবিয়ে শুই আছিল দিগন্তই । অফিচৰ পৰা আহি বৰ
ক্লান্ত অনুভৱ কৰিছে সি । ঘৰত থাকোতে মাকে সানি পিতিকি দিয়া ভাত কেইটালৈ বৰ মনত
পৰিছে তাৰ । ভাবিছে কালিলৈ পাৰিলে ঘৰলৈয়ে যাব । কিন্তু সোমবাৰে আৰু অফিচ । সময়ত আহি
নাপালে অফিচ, কিবা ক'ব বুলি ভয়ো কৰে সি । নাই নাযায় সি । ছুটী লৈ পিছত যাব বুলিয়ে
থিৰাং কৰিলে । বিচনাৰ পৰা উঠি, চাউল কেইটা সিজাব বুলি পাকঘৰলৈ গ'ল । চাউল- আলু
একেলগে বহাই দিলে প্ৰেচাৰ কুকাৰত । বেছি কৰি খাব তাৰ গাত যেন অকনো শক্তি নাই । চাউল
কেইটা সিজে মানে সি তাৰ নিজৰ উপাৰ্জনেৰে কিনা নতুন মোবাইলত ফেচবুক খুলি বিছনাতে শুই
পৰিল । টোপনি আহিব বুলি চকুত অলপ পানী চটিয়াই আহিল সি । প্ৰেচাৰ কুকাৰৰ ঢাকনি খন
লগোৱাত চাগে নহ'ল । কিবা পুৰা পুৰা গন্ধ অহাত বিছনাৰ পৰা উঠিগৈ গম পালে যে ভাত তলৰ
পৰা অকনমান পুৰিলে । নিজৰ উপৰতে খং উঠিল তাৰ । দিনতোৰ মুৰত কিবা অলপ খাব ওলাইছিল
কিন্তু সেয়াও সম্ভৱপৰ নহ'ল । ওপৰে ওপৰে অলপ খাই, পুৰা ভাত কেইটা পেলাই দি কুকাৰতো
ধুই আনিলে । বিছনাখন ঠিক কৰি আকৌ ফেচবুক কৰাত লাগিল । ক'ত যে গ'ল তাৰ সেই ভাগৰ,
টোপনি ?
"গিতিকা দাস" নামৰ এজনী ছোৱালীৰ নাম তাৰ হ'ম পেজত অহাত ছোৱালী জনীক
friend request পঠিয়ালে । বেছি সবিশেষ নাছিল তাইৰ । মাথো দুটামান ফটো বাহিৰে আন একো
নাছিল । পাচ মিনিট মান পিছতে friend request accept কৰিলে । ছোৱালীজনীক মেচেজ কৰিব
বৰ মন গ'ল তাৰ । মানে গিতিকাক । কিন্তু প্ৰথম দিনাই তেনেকৈ মেচেজ দিয়াতো ভাল নহ'ব
বুলি ভাবিয়ে একো মেচেজ নিদিলে । আজি প্ৰথম কাৰোবাক ভাল লগাই friend request
পঠিয়াইছে সি ।সম্ভৱ পৰত ছোৱালীৰ পৰা দূৰৈতে থাকে । ও পিছে তাৰ লগৰ কেইজনীৰ লগত সি
বৰ ভাল । স্কুল, কলেজৰে বান্ধৱী সিহঁত । এতিয়া নতুনকৈ বন্ধু- বান্ধৱী নাই বুলিব
পাৰি । অফিচত কিবা কাম থাকিলেহে নিহাৰিকাৰ সৈ'তে কথা পাতে । নিহাৰিকা ছোৱালীজনী
ভাল, মনে মনে তাক ভালো পায় । কিন্তু আজিলৈ একো ক'ব পৰা নাই । দিগন্তই ভালপোৱাৰ কিবা
কথা ওলালেই আন কথালৈ কথাতো সলনি কৰি দিয়ে । সিও ভাল দৰেই বুজে তাইৰ মনৰ কথা ।
কিন্তু তাৰ যেন মনতো বৰ নিষ্ঠুৰ । কাৰো ভালপোৱা বুজি নাপায় । ভালপোৱা নো কি সেইটোও
কি নাজানা বুলি ক'লে চাগে ভুল কোৱা নহ'ব । হঠাৎ মোবাইলৰ ওপৰত চকু পৰাত আচৰিত হৈ গ'ল
। ৰাতি ১•৩০ বাজিছে । ফেচবুক ল'গ আউট নকৰাকৈয়ে থৈ দিলে, মাথো দাতা অফ কৰিলে
।
ৰাতিপুৱা ৯•৪৫ মানত তাৰ টোপনি ভাগিল । উঠিয়ে ব্ৰাছ কৰি, গা- পা ধুই আহিল
একেলগে । আগতে হোৱা হ'লে ভাল আছিল । মেগি এপেকেত সিজাই খোৱা আছিল । কিন্তু এতিয়া
সেইটোও বেন্দ কৰি দিয়াত তাৰ বৰ অসুবিধা হৈছে । হাফ-পেণ্টতো পিন্ধিয়ে ওলাই গ'ল কাষৰ
চাহ- দোকানখনৈ । পৰঠা এখনকে খালে । অলপ ইফাল- সিফালকৈ থাকি ঘৰলৈ বুলি ঘূৰি আহিল ।
মাকক ফোন কৰিলে । বহু সময় ধৰি কথা পাতিলে । তাৰ পিছত লেতেৰা কাপোৰ খিনি ধুবীক দিবলৈ
বুলি ওলাল । ইণ্টৰনেট পেক ভৰাব লাগিব লগতে । ফেচবুকত গিতিকাৰ সৈ'তে কথা পাতিব ।
কিবা ভাল লাগিছে ছোৱালীজনীৰ । ধুবীক কাপোৰ খিনি দি, পেক ভৰাই ঘৰলৈ বুলি খোজ ল'লে ।
ৰাস্তাই ৰাস্তাইও ফেচবুক । গিতিকা অনলাইন আহিল তেনেতে । আজি অলপো পলম নকৰাকৈ সিয়ে
আগতে মেচেজ দিলে-
- Hi....
- hello
মনতো ভাল লাগিল তাৰ ।
- মই
তোমাৰ লগত বন্ধুত্ব কৰিব খোজো, কৰিবা মোৰ লগত বন্ধুত্ব ?
অলপ সময় কোনো উত্তৰ
নহাত সি আৰু এবাৰ একেটা মেচেজকে পঠিয়ালে ।
- হ'ব দিয়া ।
গিতিকাৰ উত্তৰআহিল
।
লগে লগে সিহণতৰ মাজত কথা বতৰা বাঢ়িব ধৰিলে । কথাৰ মাজতে দিগন্তই সুধিলে-
-
তোমাৰ ঘৰ ক'ত ?
কিন্তু তাইৰ উত্তৰত সি অলপ আচৰিত হ'ল তাইৰ মেচেজ চাই
- মোৰ ঘৰ
? হুহ ,,,,মই যাযাবৰ । যিয়ে য'ত মাতে সেইটোৱে মোৰ ঘৰ হৈ পৰে । "আচৰিত হৈয়ে
সুধিলে
- মানে ?
তাই আৰু একো নক'লে । সি আকৌ সুধিলে লগ ধৰাৰ কথা । এইবাৰো
তেনেকুৱা উত্তৰ-
- কেতিয়া ? ক'ত ? দিনত নে ৰাতি ?
কি আচৰিত ! তাই কিয়বা এনেকৈ
কথা পাতিছে সি বুজিব পৰা নাই । বেচি একো নভবাকৈয়ে সি অহা দেওবাৰে তাৰ অফিচৰ ওচৰৰ
ৰেষ্টুৰাণ্ট খনলৈ আহিব বুলি কৈ অফিচৰ ঠিকনতো দিলে । গিতিকাই বাৰু ঠিক আছে বুলি কৈ
অফলাইন হৈ গ'ল ।
মেচেজ কৰাত ইমানে গভীৰ ভাবে সোমাই পৰিছিল যে সি তাৰ নিজৰ ৰুমলৈ
যোৱা ৰাস্তাটো কেতিয়াবাই পাৰ হৈ বহু দূৰলৈ আগুৱাই গৈছে । আকৌ ঘূৰি ৰুমলৈ বুলি খোজ
ল'লে । তাইৰ কথা যদিও অলপ আচৰিত যেন লাগিছিল, তথাপি বহুত ভালো লাগিছিল । মনে মনে
ভাবিলে যে ছোৱালীজনীৰ প্ৰেমত পৰা নাইতো ! ক'ব নোৱাৰাকৈয়ে মুখত এতি মিচিকিয়া হাহি
ফুটি উঠিছিল যে প্ৰনৱৰ মাকে
- কি হে দিগন্ত ? মিচিক- মাচাক হাঁহি মাৰি ক'ৰ পৰা
আহিছা ?" বুলি সুধাত হে গ'ম পালে । প্ৰনৱ তাৰ অফিচৰে বন্ধু ।
- নাই খুৰী, এনেই
মানে কিবা সৰুকালৰ কথা এটা মনত পৰাত হাহি উঠিল ।" বুলি কৈ আগবাঢ়িল । ঘৰত গৈ ভাত
বনোৱাৰ দিহা কৰিলে । মনে মনে বৰ ফুৰ্টি ।
খাই লৈ আকৌ বিছনাত পৰি ফেচবুক
কৰাত লাগিল । আশা মতেই হ'ল, গিতিকাও অনলাইন আছিল । আকৌ মেচেজ পঠিয়ালে । দুয়োৰে মাজত
কথা পতা বাঢ়িব ধৰিলে । ফেচবুকত কথা পাতি ম'বাইল নং লৈ আজি কালি ফোন কৰালৈ আগবাঢ়িল ।
উফ্ কি যে শুৱলা মাত তাইৰ । কোন দিনা যে আহিব এই দেওবাৰটো । তাইক লগ নোপোৱা নোপোৱা
যেন লাগি আছে তাৰ । অফিচৰ কামতো মন নালাগে তাৰ আজি কালি । বিশেষকৈ শণিবাৰৰ নিশাটি
নোযোৱা যেন লাগিল । "কালি কেতিয়া আহিবা ?" বুলি গিতিকাই সুধিলে । মনতো আনন্দত
জপিয়াই উঠিল । তাই সুধিচে মানে "তাইৰো মন আছে তাক লগ কৰিব" বুলি ভাবি । "১০ মান
বজাত ?" দিগন্তই ক'লে । গিতিকাই সন্মতি জনালে ।প্ৰেমত পৰিছিল তাইৰ । এবাৰ ভাবিলে
কৈয়ে দিবনেকি আজি । নাই পিছত ক'ব বুলিয়ে ভাবিলে । যিহেতু তাইৰ কোনো প্ৰেমিক নাই
বুলিয়ে তাই কৈছে । কিন্তু আজি যে বাৰেবাৰে তাইক তাৰ মনৰ সকলো কথা কৈ দিব এনে লাগি
আছে । তাৰ দ্বাৰাই আৰু নহ'ল । "গিতিকা, মই তোমাক ভাল পাওঁ । মই তোমাৰ প্ৰেমত পৰিছো
। সঁচাই বহুত ভাল হৈ গ'লো এই দুদিন মানৰ ভিতৰতে । "বুলি মেচেজ এটা দিলে । কোনো
উত্তৰ নাহিল । শুভৰাত্ৰি বুলি ক'লে মাথোন । দিগন্তই আৰু এবাৰ সুধাত কালি লগ পালে
সকলো ক'ব বুলি ক'লে । এটি নতুন দিনৰ অপেক্ষাত সি শুই পৰিল । (আগলৈ)