ভ্ৰমণ কাহিনী (ৰঞ্জনা নাথ)

নতুন ঠাই চোৱাৰ হাবিয়াস আৰু ফুৰি বেয়া পোৱা ব্যক্তি হয়তো তেনেই নগণ্য । মইও তাৰ ব্যতিক্ৰম নহয় । সৰুতে গা মুৰ বেয়া হৈ থাকিলে ফুৰাৰ নাম শুনিলেই সকলো ঠিক হৈ গৈছিল । এতিয়া ভাবিলে নিজেই আচৰিত হওঁ হাঁহিও উঠে । বেমাৰৰ ঔষধ ফু ফু আচৰিতেই নহয় নে ।

বাৰু এতিয়া মই ক'ব খোজা ভ্ৰমণৰ কথালৈ আহো ৷ যোৱা বছৰ অৰ্থাৎত ২০১৬ চনৰ ২২ ডিচেম্বৰ বহু দিনৰ জল্পনা কল্পনাৰ অন্তত বিদেশ ভ্ৰমণ । ভাৰতৰ গাতে লাগি থকা পাছপট অবিহনেই অহা যোৱা কৰিব পৰা দুখন দেশ নেপাল আৰু ভূটান । তাৰেই এখনি অসমৰ গাটে লাগি থকা ভূটানলৈ বুলি যাত্ৰা আমাৰ । আমাৰ মানে আমি দুটি আপোন পৰিয়াল । তেওঁলোক ডিগবৈৰ আৰু আমিও কৰ্মৰ তাগিদাত বঙাইগাওঁত । বঙাইগাওঁৰ পৰা ভূটানলৈ দূৰত্ব কিছু কম সেয়ে সিহঁত কেইটা আগতীয়াকৈ আহিল আৰু আমি গোটেই কেইজন মুঠ পাঁচ জন ব্যক্তি লগ হৈ ২২ তাৰিখে পুৱা ৭ বজাতেই ব্যক্তিগত ভাৱে ৩ দিনৰ বাবে বন্দবস্ত কৰি লোৱা বাহনেৰে যাত্ৰা আৰম্ভ কৰিলো । ইমান দিনে শুনি থকা প্ৰকৃতিক সম্পদৰাজিৰে ভৰপূৰ ভূটান এতিয়া চোৱাৰ সময় ।সকলোৰে মনত আনন্দৰ জোৱাৰ ।

ঘৰৰ পৰা মানে আমি থকা ঠাই ঢালিগাওঁৰ পৰা ফুলচিলিংলৈ ১৭০কি:মি । ফুলচিলিং পাওঁতে প্ৰায় দুটামান বাজিছিল । বাটতে খোৱা বোৱা কৰি আহোতে কিছু সময় লাগিছিল সেইকণ সময়ক যোগ দি প্ৰায় পাঁচ ঘণ্টা মান লাগিছিল ।

ফুলচিলিং ভূটানৰ বৰডাৰ তাতেই প্ৰৱেশ কৰিবৰ বাবে পাচ বনাব লাগে । সকলোৰে সুবিধা অৰ্থে অফিচ আছে কৰ্মচাৰী সকলে সূচাৰুৰূপে সকলো পৰীক্ষাৰ পাছত পাচবোৰ দিয়ে তাৰ বাবে প্ৰয়োজন ভুটাৰ কাড ফটো আৰু ওঠৰ বছৰৰ তলৰ সকলৰ বাবে জন্মৰ প্ৰমাণ পত্র বাধ্যতামূলক ।

এই সকলোখিনি কৰি লওঁতে সন্ধিয়া হৈছিল ৷ ড্ৰাইভাৰ জনে ফুলচিলিংৰ পৰা আগলৈ যাবলৈ মন কৰা নাছিল । আমিহে সময়ক অবাৱত অপচয় নকৰি সেই তেতিয়াই পুনৰ ফুলচিলিংৰ পৰা থিম্ফোলৈ যাত্ৰা আৰম্ভ কৰিছিলো । সময় তেতিয়া প্ৰায় পাঁচ মান বাজিছিল । থিম্ফোলৈ ফুলচিলিংৰ পৰা ৮০ কি:মি । অকোৱা পকোৱা বাট আমাৰ ইয়াৰ দৰে চিধা বাট পথ দেখিবলৈ নাই । কিন্তু ৰাস্তা ফু মাৰি ভাত খাব পৰা । গোল গোল ঘূৰি ঘূৰি পাহাৰৰ কাষ চাপি গৈছিলো । এনেকৈয়ে আন্ধাৰৰ মাজে মাজে ধুৱাৰ দৰে লগা কুঁৱলীৰ স'তে উমলি নিশা ন মান বজাত থিম্ফোৰ ভূমিত ভৰি থৈ দিনটোৰ যাত্ৰাৰ অৱসান ঘটাই নিশাৰ আহাৰ গ্ৰহণ কৰি সকলোৱে হোটেলৰ বিচনাত দেহাটোক জিৰণিৰ বাবে এৰি দিছিলো ।

দ্বিতীয় দিনাৰ যাত্ৰা পুৱা সোনকালে উঠি সাজু হৈ সকলোৱে পুৱাৰ জা জলপান গ্ৰহণ কৰি হোটেলৰ মেনেজাৰ জনৰ পৰাই কি কি চাবলগীয়া ঠাই আছে তাৰ এটি থুল মোল আভাষ লৈ প্ৰথমেই গলো ১৬৯ ফিট ওখ পশ্চিম ঠিম্ফোট অৱস্থিত বুদ্ধা পইণ্টলৈ বুলি । মেইন ঠিম্ফো চহৰৰ পৰা ৪ কি:মি দূৰত্বত অৱস্থিত এই বুদ্ধা পইণ্ট ।

অৱশেষত আমাৰ গাড়ীৰ চকা গন্তব্য স্থানৰ সন্মুখত ৰ'লগৈ । বুদ্ধাৰ প্ৰতিমূত্তিয়ে চকু থৰ কৰিলে আমাৰ কিমান সময় যে একেথৰে চাই ৰ'লো গমকেই নাপালো । ইমানেই ওখ আকাশ চুমাৰ যেন চেষ্টা । বুদ্ধাৰ লগতে মনেষ্টিৰ সকলো কাৰুকাৰ্য্য সোণোৱালী বৰণে উজলাই তুলিছিল সেই দৃশ্যৰাজিক মনতে লৈ এইবাৰ আমি ভূটান পইণ্টৰ দিশে আগবাঢ়িছিলো । আমাৰ ইয়াৰ চিলং পিকৰ দৰে তাৰ পৰা সম্পূৰ্ণ ভূটান চহৰখন দেখা পোৱা যায় তাতকৈও ভাল লগা অনুভৱটো হ'ল ভূটান পইণ্টলৈ যোৱাৰ বাটত প্ৰাকৃতিক দৃশ্যৰাজিয়ে আমাৰ মনবোৰ কাঢ়ি লৈ গৈছিল ।কণমানিৰ দৰে চুচৰি বাগৰি ক'ত যে কিমান ফটো তুলিলো তাৰ লেখ জোখ নাই । শেষত তেওঁলোকৰ পাৰলিয়ামেণ্ট ভৱন, কিছু সৰু সুৰা মনেষ্টি আৰু অলপ অচৰপ বজাৰ ঘুৰি অৱশেষত থলুৱা খাদ্যৰ জুতি লৈ ঠিম্ফোৰ পৰা পাৰো লৈ বুলি যাত্ৰা আৰম্ভ কৰিলো । ২৩ কি:মি এই পথ আৰু পাৰো পাওঁতে আমাৰ প্ৰায় দুই ঘণ্টা মান সময়ৰ প্ৰয়োজন হৈছিল । তেতিয়ালৈ নিশাও হৈছিল কিছু । অনুমানিক সাত মান বাজিছিল । তেওঁলোকৰ তাৰ বাবে সেইয়াই বহুত ৰাতি । এটা কথা লক্ষ্য কৰিছিলো আমাৰ ইয়াৰ দৰে দোকান বজাৰ দেৰিলৈকে খোলা নাথাকে ৷ সাত বাজিলেই চৌপাশে নিতাল মাৰে । অৱশ্যে তাত বজাৰ কৰিবও নোৱাৰি বস্তুৰ ইমানেই দাম হাত দিবলৈও ভয় লাগে আৰু এটা কথা চকুত পৰিল তাত বাটে পথে ঘুৰি ফুৰা কুকুৰবোৰ বিলাতী কুকুৰৰ দৰে নোমাল পাছে সিহঁতৰ কোনো সাৰ সুৰ নাই ঠাণ্ডাতে জুপুকা হে মাৰি থাকে । এনেকৈয়ে আশে পাশে চকু ফুৰাই নিশাৰ আহাৰ গ্ৰহণ কৰি এইবাৰ পাৰোৰ হোটেলত দেহাটোক বিশ্ৰামৰ বাবে এৰি দিলো ।

তৃতীয় তথা অন্তিম দিনা ৰাজনীতি ৰেলৰ গতিবেগেৰে দ্ৰত গতিত সাজু হৈ এইবাৰ উলাই গলো পাৰোৰ দৃশ্যৰাজি উপভোগ কৰাৰ মানসেৰে ।গৰম পানীৰ ধাৰা টাইগাৰ নেষ্ট আদিলৈ অৱশেষত আমাৰ বাহন গন্তব্য স্থান পালেগৈ । ১০ হাজাৰ ফিট উচ্চতাত অৱস্থিত টাইগাৰ নেষ্ট । তলৰ পৰা আকাশেৰে উৰি যোৱা কণমানি উৰা জাহাজ খনৰ দৰে লাগে । অপৰূপ দৃশ্য পাছে যাবলৈ দহৰ লগতে মনৰো জোৰৰো খুবেই প্ৰয়োজন । ব্যক্তিগত অনুভৱে সিদিনা তাকেই শিকালে ।বহুতেই ভয়ত দূৰৰ পৰাই সেৱা জনাই উভটি অহাও চকুত পৰিছিল । আমাৰো লগত যোৱা পুৰুষ সদস্য কেইজনৰ একেই দশা । ট্ৰেকিংৰ আগ্ৰহী বহু লোক আছে সেয়ে ভূটান চৰকাৰে পথটো তেনেকৈয়ে ৰাখিছে । বাৰিষা তালৈ যাবত অসুবিধা । ৰঙা মাটি বৰষুণ পৰি পিছল হৈ থাকে স্থানীয় লোকে কোৱা কথা । শেষত আমি কেইজনী মানে আমি জা জোৱলী দুজনী আৰু কণমানি ভটিজাজনী মৰ সাহ কৰি আগবাঢ়িলো । অলপ আগুৱাই যোৱাৰ পাছতেই বুকু ভৰিৰ কপনি । উশাহটো মাজে মাজে বন্ধ হৈ যোৱা যেন অনুভৱ হয় । আগতে কেতিয়াও আমাৰ এনেদৰে পাহাৰ বগোৱাৰ অভিজ্ঞতা নাছিল সেয়ে লগত পানী আৰু লাঠিও নিয়া নহ'ল । শেষত যেতিয়া বুদ্ধৰ কৃপাত তেওঁৰেই ভক্তগণৰ পৰা এই দুইটাই পালো ।

গৈ আছো নাপাওঁ হে নাপাওঁ । মাজতে উভটি যাওঁ বুলি লৈও শেষত ইজনীয়ে সিজনীক উৎসাহ যোগাই বাটে বাটে জিৰণি লৈ প্ৰায় পাঁচ ঘণ্টা পাহাৰ বগোৱাৰ অন্তত টাইগাৰ নেষ্ট মনেষ্টিৰ কাষ পালোগৈ । জংঘলৰ মাজে মাজে বাট আন্ধাৰ হোৱাৰ আগতেই সমতল পাবগৈ লাগিব সেয়ে পলম নকৰি সকলো চাই পুনৰ যাত্ৰা তললৈ । সেই একেই বাটে বাটে জিৰণি লৈ অৱশেষত চাৰি ঘণ্টা মানৰ পাছত সমতলত ভৰি দি পুনৰ টাইগাৰনেষ্টলৈ চাই অসাধ্য সাধন কৰি অহা যেন অনুভৱ হৈছিল ।তেতিয়ালৈ আন্ধাৰেই হৈছিল । সেইদিনা সিমানতে ভ্ৰমন সমাপ্ত কৰি হোটেললৈ উভটি আহিছিলো ।

পাছদিনা পুৱা উভটনি যাত্ৰা । সময়ৰ অভাৱৰ বাবে কিছু ৰৈ গ'ল চাবলৈ । পাছে আক্ষেপ নাই তাক লৈ । গাড়ীৰ চকা পাহাৰৰ অকোৱা পকোৱা বাটেৰে ঘূৰি সমতলত ভৰি দি সুন্দৰ স্মৃতিক লগত লৈ ঘৰ পালোহি ।

ঠিকনাঃ বঙাইগাঁও
দূৰভাষঃ ৭৮৯৬৮৮৪৩৪৬