ৰেচিপি (কৰবী সিংহ)

ভেণ্ডি মছলা
উপকৰণঃ
১) ভেণ্ডি (২০০ গ্ৰাঃ)
২) নিমখ (সোৱাদ অনুসৰি)
৩) জলকীয়া গুড়ি (১ চাহ চামুচ)
৪) ধনীয়া গুড়ি (১ চাহ চামুচ)
৫) কেঁচা জলকীয়া (৪/৫ টা)
৬) পিয়াজ (৪ টা)

প্ৰণালীঃ
১)প্ৰথমে ভেণ্ডিখিনি ধুই ভালদৰে কাপোৰেৰে মচি ল'ব । তাৰ পিছত ভেণ্ডিবোৰ গোল আকাৰে বেকা কৈ কাটি ল'ব । তাৰ পিছত ভেণ্ডিখিনিত আধা চামুচ নিমখ সানি ৫ মিনিট থৈ দিব । এতিয়া এটা ন'নষ্টিক কেৰাহীত দুই চামুচ তেল দি গৰম হ'লে তাত নিমখ সনি থোৱা ভেণ্ডিখিনি দি ২ মিনিট মান লৰাই নমাই থ'ব ৷
২) তাৰ পিছত পিয়াজ আৰু জলকীয়া সৰু সৰু কৈ কাটি ল'ব । আন এটা কেৰাহীত ৪ চামুচ তেল দি গৰম হ'লে তাত কাটি লোৱা পিয়াজ আৰু জলকীয়াখিনি দি ৰঙচুৱা কৈ ভাজি ল'ব । এতিয়া তাত ভেণ্ডিখিনি দি লাহে লাহে লৰাই থাকিব । তাৰ পিছত নিমখ, জলকীয়া গুড়ি, ধনীয়া গুড়িখিনি দি ৫/৬ মিনিট মান ভাজি নমাই থ'ব । এতিয়া গৰমে গৰমে ভেণ্ডি মছলা ভাতৰ লগত পৰিৱেশন কৰিব ৷