ৰ'দৰ চিঠি- খণ্ড ৫ (ৰ'দ ৰাগিনী)

জপনাখন খুলি মিলন খুৰা সোমাই গ'ল ৷ পাছে পাছে পাৰ্থইয়ো খোজ দিবলৈ লওঁতেই বাজি উঠিল
"আকাশে দিয়া ৰ'দৰে চিঠি,
মাটিয়ে জানানে ল'লে সাবটি।"
মিলন খুৰাই উভতি চালে, পাৰ্থৰ ম'বাইলৰ ৰিংটন বাজিছে ৷ মিলনক আগতীয়াকৈ যাবলৈ কৈ পাৰ্থ ৰৈ দিলে জপনাখনৰ ওচৰতে ৷ ৰিং হৈ থকা ফোনটো ৰিচিভ কৰিলে পাৰ্থই ৷ সিমূৰত তৃষা ৷
- ৰিচিভ কৰিবলৈ যে সময় পালা ৷- তৃষাৰ মাতত অভিমানৰ সুৰ স্পষ্ট।
- তৃষা,জানো তুমি বুজিও অবুজ হৈ আছা ৷ সময় নোপোৱাকৈ ব্যস্ত নহয় মই ৷ কিন্তু বুজাব নোৱাৰিম অ' এতিয়া মই কি অৱস্থাত আছো ৷
- তুমি টেনশ্যনত আছা ? -তৃষাৰ মাতত স্পষ্ট হৈ পৰিল ভালপোৱাৰ মমতা ৷
- নাই, টেনশ্যন নহয় অ' ৷ ক'ম তৃষা, তোমাক, শৌৰ্যক, হিমাংশু দা.. ক'ম তোমালোকক ৷ কিন্তু দুদিনমান অপেক্ষা কৰা প্লিজ। -পাৰ্যমানে তৃষাক বুজাবলৈ চেষ্টা কৰিলে পাৰ্থই ৷
তাৰ কথাবোৰ শুনি কওঁ নকওঁকৈ তৃষাই ক'লে-
- কথাবোৰ অলপ বেয়ালৈ গৈছে, চেনেলবোৰত আলোচনা হৈছে, ইমান এক সন্মানৰ অধিকাৰী হৈ অহা পাৰ্থ হাজৰিকাৰ বিষয়ে জানিবলৈ, কৰ্মপন্থা হিচাপে জানিবলৈ উৎসুক হৈ আছে অসমবাসী ৷ অথচ কিয় এনেদৰে নিজক আত্মগোপন কৰিছা তুমি ! তোমাক মই, শোৰ্যহঁতে বুজিম, কিন্তু ইমানখিনি মানুহে, টি. আৰ. পি ৰ পাছত দৌৰা চেনেল কেইটাৰ মানুহে নুবুজিব‌‌ ৷ সেয়ে কৈছো, এনেদৰে প্ৰশ্ন উত্থাপন কৰিবলৈ সুযোগ নিদিবা কাকো ৷ ভালে থাকিবা ৷ মই,আমি ৰৈ আছো ইয়াত ৷ সোনকালে আহিবা ৷ চিন্তা কৰি নাথাকিবা বৰকৈ আৰু মইতো আছোৱেই তোমাৰ লগত প্ৰতিপল ৷ - তৃষাই আশ্বাস দিলে পাৰ্থক ৷
অকনমান আশ্বস্ত হ'ল সি ৷ এই কাৰণেই ভাল লাগে তৃষাজনীক ৷ সি ন'কলেও তাৰ বুকুৰ ভাৰ বহুখিনি পাতলাই দিয়ে তাই ৷ তৃষা, অন্যতম প্ৰাপ্তি তাৰ জীৱনৰ ৷
কিছু সময় কথা পাতি ফোনতো কাটিলে পাৰ্থই ৷ জপনাখন খুলি ৰচকী বাইৰ ঘৰলৈ খোজ দিলে । এপলকৰ বাবে কঁপি উঠিল সি ৷ তাৰ প্ৰশ্নবোৰৰ উত্তৰে ৰৈ আছে ঘৰৰ ভিতৰত, ৰচকী বাইৰ কাষত ৷ (আগলৈ)