ৰূপমৰ চকুৰ আগত ডায়েৰিৰ আন এটি পৃষ্ঠা ।
আজি বহু বছৰৰ মূৰত ডায়েৰিটো মেলিছো ৷ পাহৰিয়ে পেলাইছিলো মই যে কেতিয়াবা ডায়েৰিও লিখিছিলো । আলমাৰিৰ পৰা ৰূপমৰ পুৰণি বহি কাগজবোৰ বিকিবলৈ নুলিৱাহেঁতেন আজিও হয়তো মনত নপৰিলেহেঁতেন । যিটো ডায়েৰিয়েই আছিল মোৰ এসময়ৰ নিসংগতাৰ একমাত্ৰ তথা সঁচা বান্ধৱী ।
পাৰ হৈ যোৱা বছৰকেইটাত বহু কিবাকিবিয়েই ঘটি গ'ল । শাহু আই ঢুকাল, ৰূপমৰ পিতাকে অৱসৰ পালে আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল- ৰূপম এজন অভিযন্তা হৈ ওলাইছে । মোৰ বাচা এতিয়া বহুত ডাঙৰ কোম্পানি এটাৰ উচ্চ পদস্থ বিষয়া । কিছু বছৰ আগত বিয়াও হৈ গৈছে তাৰ । এতিয়া আই- বোপাই হিচাপে আমাৰ সকলো দায়িত্বই সমাপন হোৱা যেন লাগিছে । আৰু যোৱা কেইবছৰত এই দায়িত্ববোৰ পূৰণ কৰাত ইমানেই ব্যস্ত হৈ পৰিছিলো যে- ডায়েৰি লিখিবও পাহৰি গৈছিলো ।
কিন্তু, এতিয়া আকৌ এবাৰ যেন মোৰ জীৱনটোক লাহে- লাহে নিসংগতাই বেঢ়িব ধৰিছে । প্ৰায় ভাগ সময়তেই চিন্তা ক্লিষ্ট হৈ পৰো- কিবা যেন মোৰ ওচৰৰ পৰা আঁতৰলৈ গৈ আছে । হয়তো মোৰ এই চিন্তাবোৰৰ উৎস ৰূপমেই । এটা সময় আছিল, যেতিয়া সি আমাৰ লগতে আছিল । গোটেই দিনভৰ মোৰ পিছে- পিছে ঘূৰিছিল, আনকি পাকঘৰটো মোক ইটো- সিটো কামত সহায় কৰি দিছিল । মহাবিদ্যালয়ৰ প্ৰতিটো ধেমালি, প্ৰতিগৰাকী ছোৱালীৰ বিষয়ে কৈছিল মোক । দিল্লীত অভিযান্ত্ৰিক মহাবিদ্যালয়ত নামভৰ্তি হোৱাৰ চাৰি বছৰ পিছলৈকেও সি প্ৰতিদিনে ৰাতি ন বজাত পিতাকৰ ম'বাইলত মিচকল দিছিল আৰু লগে লগেই আমি তাক পুনৰাই ফোন কৰিছিলো, দিনটোৰ বতৰা লৈছিলো । অৱশেষত, তাতেই পঢ়া শুনা সম্পূৰ্ণ কৰি চাকৰিটো পালে । তাৰ পিছত বিয়া আৰু আমাৰ নাতি ধ্ৰুৱৰ জন্ম হ'ল ।
লাহে লাহে মোৰ বাচাৰ পতি আৰু পিতাক হোৱাৰ দায়িত্ব বাঢ়ি গৈছিল । সি তাৰ দায়িত্ব আৰু সুখৰ জখলাত দিনে দিনে ওপৰলৈ ধাবিত হৈছিল আৰু আমি পিছতেই ৰৈ গৈছিলো । ভালেই হ'ল আজি ডায়েৰিটো পাই গ'লো মনৰ সেই খালী কোণটো জানোচা এইটোৱেই পূৰাব পাৰে । ল'ৰাৰ ব্যস্ত জীৱনত যাতে বাধাৰ প্ৰাচীৰ নহওঁ, সেইবাবে নিজকেই ব্যস্ত ৰাখিম এনেকৈ ।
এইদৰেই ডায়েৰিটোৰ আধাতকৈ বেছি অংশ ৰূপমে পঢ়ি পেলাইছিল । মাকৰ অন্তৰৰ প্ৰতিটো অকথিত গাথাই তাৰ চকুৰ আগত জিলিকি উঠিছিল । ৰূপমক যেন কোনোবাই দাপোন এখনহে দেখাই দিছে, য'ত সি তাৰ এৰি অহা দিনকেইটা দেখিছে । কিমান স্বাৰ্থপৰ হৈ গৈছিল সি, মাকৰ ভাবনাবোৰৰ লগত খেলা কৰিছিল ।
তাৰ মনত আছে, ধ্ৰুৱৰ জন্মৰ সময়চোৱাত যেতিয়া সিহঁতৰ ঘৰলৈ মাক গৈছিল । তেতিয়া তেখেতেই ধ্ৰুৱ আৰু ৰীমাৰ সকলোবোৰ দায়িত্ব নিজে মূৰ পাতি লৈছিল । কেতিয়াবা কেতিয়াবা গোটেই ৰাতি সাৰে থাকিব লগা হৈছিল ধ্ৰুৱৰ কাৰণে । ৰীমাইটো বহু কেইবাৰ ধৈৰ্য্য হেৰুৱাই পেলাইছিল ধ্ৰুৱক চম্ভালিব নোৱাৰি, মাকেহে চম্ভালিছিল তেনেকুৱা পৰিস্থিতিবোৰ । ৰূপমৰ চকু সেমেকি উঠিছে সেইখিনি সময়ত তাৰ ঘৈণী আৰু পুত্ৰৰ কথাটো ঠিকেই মনত আছিল... কি খাইছে, কি খোৱা নাই । কিন্তু কিয় পাহৰি গৈছিল মাকে সিহঁতৰ কাৰণে কিমান বিনিদ্ৰ ৰজনী পাৰ কৰিছে । এবাৰ, মাকে ধ্ৰুৱৰ ভালৰ কাৰণে এজনী গাই গৰু দান কৰাৰ কথা কৈছিল তাৰ আগত, কিন্তু সি পঁচিচ- ত্ৰিশ হাজাৰ টকাৰ অৰ্থহীন খৰছ বুলি মাকক কথা শুনাইছিল । তাৰ পিছতো কিন্তু মাকে তাক অকণো খং কৰা নাছিল । তথাপিও মাকে কিন্তু, গাইগৰু এজনী দান কৰিছিলেই, হয়টো নিজৰ আৰু কিবা এটা সপোনৰ বলিদান দিছিল এইবাৰ তেখেতৰ নাতিৰ কাৰণে । (আগলৈ)








