অগ্নিগহ্বৰৰ সিপাৰে- খণ্ড ২ (ভৰত দত্ত মৃন্ময়)

সোনাপুৰ । কৰ্মব্যস্ত এখন গাওঁ। কৃষি কৰ্মৰে গাওঁখনৰ অধিকাংশই আজি স্বাৱলম্বী । শিক্ষাৰ ক্ষেত্ৰতো ক'বই নালাগে । পূৰ্বতে গাৱঁৰ সোণটি বৰদেউতাৰ বাহিৰে বাকীখিনি মেট্ৰিকৰ দেওনাখন পাৰ হ'বই পৰা নাছিল । সেই সময়ৰ কথাবোৰ বাৰু সুকীয়া । এতিয়া আকৌ সোনাপুৰত ৯০% লোকেই উচ্চ শিক্ষিত । সোণটি বৰদেউতাৰ তিনিজনী ছোৱালী এটা ল'ৰা । তিনিজনীয়েই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি তিনিজনীয়ে এতিয়া চাকৰিও কৰে আৰু সাংসাৰিক হ'ল । গাওঁখনৰ প্ৰতিটো পৰিয়াল আনৰ দুখত দুখী সুখত সুখী হয় । ধনে- ধানে ভৰপূৰ শস্য- শ্যামল এই গাওঁখনলৈ লাহে লাহে পৰিৱৰ্তন আহিল । এতিয়া বিশ্বায়নৰ প্ৰভাৱ পৰিল । গাওঁখনলৈ এতিয়া টিভি আহিল, সকলোৰে হাতে হাতে মোবাইল ফোন হ'ল । লাহে লাহে পথাৰবোৰ পুতি তাত উদ্যোগ সজাৰ যো- জা চলিল । গাৱঁৰ মানুহবোৰৰ মাজত মৰম- চেনেহবোৰ কমি আহিল, কৃত্ৰিমতাৰ চাদৰ এখন নামি আহিল গাওঁখনলৈ ৷ মানুহবোৰ আত্মকেন্দ্ৰিক হ'ল । তথাপি গাৱঁৰ দুখীয়া মানুহখিনিৰ মাজত এইবোৰ একেবাৰে কমি নগৈ বৰ্তি থকা দেখিবলৈ পোৱা গ'ল ৷ পুৱা- গধূলি ধূনা দিয়া, সন্ধ্যা পদূলি মুখত দিয়া জাগৰ ধোঁৱা, গৰুৰ হেম্বেলনি, ছাগলীৰ বেবেয়নি, হাঁহ, পাৰ, কুকুৰা আদিৰ লৰা ধপৰা... আদিৰ শব্দই প্ৰকৃত অসমীয়া গাৱঁৰ ছবি খনে বৰকৈ আমনি কৰিলে ।
নিয়ৰ সেমেকা কেঁচা আলিবাটত সেইদিনা পুৱাই সোনাপুৰ গাৱঁলৈ আগমন ঘটিল এখন বগা ৰঙৰ ইন'ভা গাড়ী । গাড়ীখনৰ ভিতৰৰ তিনিজন আৰোহীয়ে মৌনভাৱে বাটৰ দুয়োকাষৰ ধান দাই নিয়া উদং পথাৰবোৰ চাই কল্পনাত আত্ম বিভুৰ হৈ পৰিল । মনত পৰিল নিজৰ গাওঁখনলৈ । ভোগালী বিহুলৈ আৰু বেছি দিন নায়েই । গাৱঁৰ হৰি, সাগৰ, যদু, ভাস্কৰহঁতে চাগে মেজিৰ যা- যোগাৰ কৰিলেই - বৰুৱাই ভাবি থাকোতেই হঠাৎ গাওঁ খনত দেখা অন্য এক দৃশ্যই মনত এছাতি বিষাদ ছটিওয়াই গ'ল । গাওঁখনত উদ্যোগ সজাৰ পৰিকল্পনাৰে পথাৰবোৰ পুতিবলৈ আৰম্ভ কৰিছে, কোনো কোনো ঠাইত আধা সজা হৈ থকা উদ্যোগবোৰ দেখি বৰুৱাই ভাৱিলে এই পৰিৱৰ্তন প্ৰকৃততে উন্নয়ন নে অধঃপতন ৷
গাড়ীখনত সকলোৱে মৌন ব্ৰত কৰি থকা সময়তে তন্দ্ৰমিতাই মিঃ বৰুৱাক উদ্দেশ্যি শুধিলে
- চাৰ, এটা নিৰুদ্দেশ ঘটনাক লৈ তেওঁলোকে চি আই ডিত গোচৰ কিয় দিলে । কাষৰ আৰক্ষীক দিব পাৰিলে হেঁতেন ।
- ঘটনাটো অলপ বেলেগ । ল'ৰাটো সন্ধানহীন হৈ আছে । তিনিদিন হ'ল কোনো সম্ভেদ নাই কিন্তু আজি এখন চিঠি সমগ্ৰ ঘটনাটো অন্য ৰূপলৈ ঠেলি দিছে । মই এচ পি আৰু আই অ'ক ঘটনাটোৰ বিষয়ে শুধিছিলো । তেওঁলোকেও আমাৰ অপেক্ষাতে আছে ।
- চাৰ, এখন চিঠিয়ে ঘটনাৰ ওৰ সলনি কৰি দিব পাৰেনে ?
- আমি গৈ পালে সকলো নিজেই বুজিবা - মিঃ বৰুৱাই তন্দ্ৰামিতাক উদ্দেশ্যি ক'লে আৰু গন্তব্য স্থানত সকলো দিশ নোট কৰিবলৈ নিৰ্দেশ দিলে ৷
গাড়ীখন এসময়ত এটা ঘৰৰ সন্মুখত ৰৈ গ'ল । তাৰ পৰা তিনিজন আৰোহি নামি সন্মুখৰ সেই ঘৰটোলৈ সোমাই গ'ল ।
নিজমতাই বেৰি থকা ঘৰখনত গাৱঁৰ প্ৰায়খিনি ব্যক্তিৰ মুখত বেজাৰৰ এছাতি বতাহে বুৰাই পেলাইছিল । সকলোৰে মুখত ৰহস্যৰ আঁৰৰ চাদৰখনে ঢাকি পেলোৱাৰ সময়তে মিঃ বৰুৱাই মাত লগালে -
- মোৰ যদি ভুল হোৱা নাই মিঃ শইকীয়াৰ ঘৰ .....
- হয় হয় ... পিছে আপুনি
- চি আই ডি অফিচাৰ মিঃ বৰুৱা.... আপোনালোকৰ ঘটনাটো প্ৰকৃততে কি অলপ জনাব নেকি !
সকলো বুজ লোৱাৰ পিছত মিঃ বৰুৱাক আউল লগালে এখন চিঠিয়ে । বেনামী চিঠি । ৰহস্যঘন হৈ পৰা নিৰুদ্দেশ ঘটনাটোক লৈ তন্দ্ৰামিতাৰ মনত নানা প্ৰশ্নৰ সৃষ্টি হ'ল । প্ৰকৃততে বেনামী চিঠি উল্লেখ থকাৰ দৰে বাস্তৱত সম্ভৱনে ? (আগলৈ)

দূৰভাষঃ ৯৪৩৫৪৪৮৮০৪