বন কৰা ছোৱালী (গুণীন চৌধুৰী)

নীলুদা ! এটা কোমল, মিঠা মাতত মই ঘূৰি চালো ৷ হাতত পূজাৰ ঠাল লৈ এগৰাকী চল্লিশ- পঞ্চল্লিশ বছৰীয়া মহিলা মোৰ পিছফালে ঠিক গাত গা লগাকৈ নহ'লেও একেবাৰে ওচৰত থিয় হৈ আছে ৷ অষ্টমী তিথিৰ পূজাৰ অঞ্জলি দি মই পূজাৰীৰ পৰা নিৰ্মালিখিনি লৈ উঠিছোহে মাত্ৰ ৷ মোৰ পিছত পিছৰ মানুহখিনি হাতে হাতে পূজাৰ সামগ্ৰীৰ থাল লৈ অঞ্জলিৰ দিবৰ কাৰণে অপেক্ষা কৰিছে ৷ চাৰিওফালে এটা উদুলি- মুদুলি অথচ পবিত্ৰ পৰিৱেশে বিৰাজ কৰিছে ৷ সকলোৰে মনত এটা পবিত্ৰ অনুভূতিয়ে পূজাৰ পৰিৱেশ আৰু বেচি পবিত্ৰ কৰি তুলিছে ৷
মানুহগৰাকী মই চিনিব নোৱাৰিলো ৷ কপাহী কপোৰৰ মেখেলা চাদৰেৰে মহিলা গৰাকীক মোৰ সুন্দৰ বুলি ভাবিবৰ মন গ’ল ৷ খুব বেচি দামী কাপোৰ নহ’লেও বেচ পৰিষ্কাৰ আৰু মানুহ গৰাকীক তুলি ধৰিছে ৷
মই আপোনাক চিনি পোৱা নাই ৷
- নীলুদা, মই মালিনী ! আপোনালোকৰ ঘৰত যে সৰুতে-" বাক্যটো মালিনীয়ে সম্পূৰ্ণ কৰাৰ দৰকাৰ নহ’ল ৷ সকলোবোৰ কথা মোৰ মানস পটত কথাছবিৰ চিত্ৰৰ দৰে এটা এটাকৈ পাৰ হৈ গ’ল ৷ মালিনীৰ পৰিচয় পাই মই আচৰিত হ’লো যদিও লগে লগে মই যেন অলপ অপ্ৰস্তুত হ’লো ৷ বহু কিবা কিবি ঘটনাই মোৰ মনত দোলা দি গ’ল ৷ মই মোৰ মনৰ উৎকণ্ঠা আৰু উত্তেজনা সম্বৰণ কৰি সুধিলো- মালিনী তুমি ইয়াত কেনেকৈ ? তোমালোকৰ ঘৰ জানো সেউজপুৰত নাছিল ?
- হয়, নীলুদা ৷ আমাৰ পেহী এজনীৰ ঘৰ ইয়াত ৷ পূজা চাম বুলি আহিলো ৷ পেহীয়ে প্ৰায়েমাতি আছিল ৷ সেয়ে আহিলো সুবিধা পাই ৷ আজি থাকিম ৷ কাইলৈকে যামগৈ ৷ এয়া মোৰ ছোৱালী-মানু, মানু- মামাক নমস্কাৰ কৰা ৷” ছোৱালীজনীয়ে এটা মিঠা হাঁহি মাৰি মোক নমস্কাৰ জনালে ৷
- নীলুদা আপোনাৰ ভালনে ? আপোনাৰ পৰিয়াল, নবৌৰ খবৰ কওঁকচোন ৷ শৈশৱৰ কথা বিলাক মনত পৰেনে ? মোৰ কথা পাহৰি যোৱা নাইতো ৷ মালিনীয়ে যেন মোক সৰু কালৰ কথাখিনি ইচ্ছা কৰিয়ে সোঁৱৰাই দিলে ৷ মই পুনৰ অপ্ৰস্তুত হ’লো ৷ মই মালিনীৰ প্ৰশ্নৰ উত্তৰ দিয়াতকৈ মালিনীৰ খবৰ জানিবলৈ বেচি উদগ্ৰীৱ হৈ পৰিলো ৷ মালিনীয়ে বাৰু আমাৰ শৈশৱৰ ঘটনা বিলাক স্মৃতিৰ মনিকোঠাত আজিও সাঁচি ৰাখিছে নেকি ? নহ'লে তাই মোক শৈশৱৰ কথা মনত আছে নেকি কিয় সুধিলে ! মালিনীয়ে মোৰ প্ৰশ্নৰ সমিধানত দি যোৱা বৰ্ণনা খিনি স্তম্ভিত হৈ শুনি গৈছিলো- মালিনীৰ অকপট স্বীকৰোক্তিত মোৰ নিজকে দোষী দোষী লাগিছিল ৷ কিহৰ কাৰণে মই দোষী- মই মালিনীৰ পৰা বিচৰা মোৰ আৱেদনৰ উত্তৰ নে, মই অনৈতিক অথবা অবৈধভাৱে মালিনীৰ পৰা বিচৰা দান ! পূজা থলীৰ পৰা অলপ দূৰৰ ৰেষ্টুৰাণ্ট খনলৈ ওলাই আহি এটা কেবিনত বহি পৰিলো ৷ মোৰ মুকলি ঠাইত বহিবলৈ সংকোচ হ’ল কোনোবাই আমাক দেখা পাব বুলি ৷ মালিনীয়ে কি বুজিলে ধৰিব নোৱাৰিলো ৷ চাহ আৰু কিবা এটা মিঠাইৰ অৰ্ডাৰ দি মই মালিনীৰ কাহিনী শুনিবলৈ সাজু হ’লো ৷ নিজৰ ছোৱালীজনীৰ উপস্থিতিকো আওকান কৰি মালিনীয়ে তাইৰ কথা আৰম্ভ কৰিলে যেন তাই নিজৰ মানুহজনৰ লগতহে কথা পাতিছে- “আপোনালোকৰ ঘৰৰ পৰা লৈ আহি দেউতাই নিজৰ দায়িত্ব সামৰিবলৈ মোক বিয়া দিয়াৰ সিদ্ধান্ত ল’লে আৰু আমাৰ গাৱঁৰে জীতেনৰ লগত মোৰ বিয়াৰ স্থিৰ হ’ল ৷ মোৰ অনিশ্চা স্বত্তেও, দেউতাৰ মোৰ প্ৰতি থকা দায়িত্ব পালনত সঁহাৰি জনাবলৈ জীতেনৰ লগত বিয়া হ’লো আৰু তেনেদৰেই জীতেন হ’ল মোৰ জীৱনৰ দ্বিতীয়জন ব্যক্তি মোৰ দেহ আৰু মনৰ ওপৰত অধিকাৰ সাব্যস্ত কৰিবলৈ ৷ খেতি বাতি আৰু সৰু দোকান খনেৰে আমাৰ সৰু সংসাৰখন সুন্দৰভাৱে চলি আছিল যদিও অাকস্মিকভাৱে এদিন মোৰ ভাগ্য চকৰিটো ওলোটা ফালে ঘূৰিবলৈ ধৰিলে ৷ নাটকীয় ভাৱে এদিন ৰাতিপুৱা জীতেনৰ শৰীৰৰ সোঁফালটো নিথৰ হৈ পৰি বিচনাৰ পৰা উঠিব নোৱাৰা হ’ল আৰু তেনেধৰণেই তেওঁ আজিও বিচনাত ৷ মোৰ সাধ্যানুযায়ী বহু চিকিৎসা কৰিও সুস্থ কৰি তুলিব নোৱাৰিলো ৷ ঘৰৰ অৱশিষ্ট সকলোখিনি সাং কৰিলো তেওঁৰ চিকিৎসাৰ কাৰণে ৷ কাম বন কৰিব নোৱাৰা হোৱাত ঘৰ চলাবলৈ মোৰ অসুবিধা হ’ল ৷ এক দুঃসহ জীৱনক আঁকোৱালি ল’ব লগা হোৱাত মই উপায়হীন হৈ পৰিলো ৷ আকৌ মানুহৰ ঘৰত কাম কৰিবলৈ আৰম্ভ কৰিলো ৷ মোৰ সংগ্ৰাম আৰম্ভ হ’ল আৰু ঠিক তেতিয়াই মোৰ মনত এক ‘অৱাস্তব’ চিন্তাই বৰকৈ আমনি কৰিছিল ৷ মোৰ ভাব হৈছিল- আপোনাৰ শৈশৱৰ সেই আবেদনত মই যদি সহাৰি জনালোহেঁতেন আজি কিজানিবা মোৰ এই অৱস্থা নহ’লহেঁতেন ৷ সেই সময়ত মই অবৈধ অথবা অনৈতিক বুলি ভবা ঘটনাৰ কাৰণে মই তেতিয়া সন্দিহান আছিলো ৷ খুব মনত পৰিছিল আপোনালৈ বিশেষকৈ বৈধ অবৈধৰ প্ৰশ্ন এটা অৰ্থহীন শব্দ বুলি ভাবিবৰ মন গৈছিল ৷ জানিছিলোঁ সেই মুহূৰ্তত কৈশোৰৰ তেনেকুৱা ঘটনা বহুতৰে জীৱনত হয়তো ঘটে আৰু সেয়া খন্তেকীয়া উত্তেজনাৰ এটা সাময়িক ফলশ্ৰুতি আৰু সেয়াও বুজিছিলো যে সেই ঘটনাক কেন্দ্ৰ কৰি কাৰো জীৱনৰ চকৰি নুঘূৰে ৷ তথাপিও মোৰ ধাৰণা হৈছিল কিজানিবা ৷ আৰু এই 'কিজানিবা’ শব্দটোৱে মোক বাৰে বাৰে আপোনালৈ মনত পেলাই দিছিল আৰু মোৰ ভাব হৈছিল কিজানিবা আপোনাৰ শৈশৱৰ আৱেদনত সঁহাৰি জনালে ‘আপুনি’ বা ‘মই’ৰ সলনি কিজানিবা ‘আমি’ বোলা শব্দটোৰ সৃষ্টি কৰিব পাৰিলোহেঁতেন ৷

এজন কম বয়সীয়া কিশোৰৰ আবেদনক মই প্ৰথম দিনাখন প্ৰত্যাখান কৰিব পৰা নাছিলো ৷ হয়তো মইও বিচাৰিছিলো ৷ নিজকে সপি দিয়াৰ প্ৰবল ইচ্ছাক প্ৰতিহত কৰিব পৰা নাছিলো ৷ কিন্তু দ্বিতীয় দিনাৰ আপোনাৰ আবেদনক সমাজৰ ভয় অথবা বদনামৰ ভয়ত মোৰ ইচ্ছাৰ বিৰুদ্ধে মই প্ৰতাখ্যান কৰিবলৈ বাধ্য হৈছিলো ৷ অথচ মই গম পাইছিলো ৷ সেই আকুলতাৰ ফলশ্ৰুতিত হয়তো বা মোৰ দেহত সংস্থাপিত হ’লহেঁতেন কোনো দেৱশিশুৰ ভ্ৰূণ যাৰ ফলস্বৰূপে মই সেই কিশোৰৰ পানী গ্ৰহণৰ সুযোগ ল’ব পাৰিলোহেঁতেন আৰু আপুনিও অথবা আপোনাৰ পৰিয়ালেও বাধ্য হ'লেহেঁতেন মোক গ্ৰহণ কৰিবলৈ ! মই জানো এয়া হ’লহেঁতেন এক অৱাস্তব কল্পনা অথবা পৰিকল্পনা ৷ হয়তো সমাজৰ চকুত সেয়া এক 'ব্লেকমেইলিং'ৰ কাহিনী হ’লহেঁতেন ৷ মই ঠিক যদিও আক্ষেপ কৰা নাই তথাপি মোৰ ভাগ্যই যেন মোৰ লগত খেলা কৰিবলৈয়ে মোক বাধা দিছিল আপোনাৰ আবেদনক প্ৰত্যাখান কৰিবলৈ মালিনীয়ে যেন পৰোক্ষ ভাৱে ক’ব বিচাৰিছে - আমাৰ দুই কিশোৰৰ অবৈধ 'অসম্পূৰ্ণ' শাৰীৰিক সানিধ্যই যেন মালিনীৰ জীৱনৰ দুৰ্ভাগ্যৰ মূল কাৰণ ৷ মালিনীৰ অকপট স্বীকাৰোক্তিত মই অস্বস্তি বোধ কৰিলো ৷ মোৰ স্মৃতি পটত ভাহি উঠিল সেই বিশেষ দিনটোৰ কথা “সেইদিনা ঘৰত কোনো নাছিল, ওচৰৰ আত্মীয় এঘৰৰ মাংগলিক অনুস্থানত নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ ঘৰৰ সকলো গৈছিল ৷ মই তেতিয়া নৱম শ্ৰেনীৰ ছাত্ৰ ৷ মোৰ গাত জ্বৰ থকা কাৰণে সেইদিনা স্কুললৈ যোৱা নাছিলো আৰু ঘৰতে আছিলো ৷ ঘৰত মই অকলে আৰু মালিনী ৷ মালিনী আমাৰ ঘৰৰ বন কৰা ছোৱালী ৷ তাই মোতকৈ দুবছৰ মানৰ সৰু হ’ব ৷ মোৰ জ্বৰ হোৱা কাৰণে মই বিচনাত শুই আছিলো ৷ ঠিক সেইখিনি সময়তে মালিনী আহিছিল মই থকা কোঠালিটো সৰা মচা কৰিবলৈ ৷ কিয় জানো মালিনীক দেখা পাই মই পানীৰ পিয়াহ অনুভৱ কৰিছিলো ৷ মালিনীয়ে পানীৰ গিলাচটো মোক আগবঢ়াই দিয়াত মোৰ ভাব হৈছিল- তাই যেন ইচ্ছা কৰিয়েই তাইৰ হাত খন বেছি সময় মোৰ হাতত লগাই থাকিল ৷ মালিনীৰ সেই হাতৰ স্পৰ্শই মোৰ সেই নৱম শ্ৰেনীৰ ছাত্ৰজনৰ শৰীৰত কিবা এক অজান পুলকে আমনি কৰিব ধৰিলে ৷ মই যেন এক কিশোৰ নহয় এক যৌৱন প্ৰাপ্ত পুৰুষ ৷ সেয়া আছিল প্ৰথম দিন ৷ সেয়া মালিনীৰ আৱেদন আছিল নে মোৰ নিজৰ আৱেদন আছিল আজিমোৰ হাতত উত্তৰ নাই ৷ কিন্তু দ্বিতীয় দিনৰ মোৰ ‘বাসনাক’ মালিনীয়ে প্ৰত্যাখান কৰিছিল ৷ মোৰ নিজকে দোষী অনুভৱ হৈছিল, মই এয়া কি কৰিবলৈ ওলাইছিলো ! পিচদিনা খনৰ পৰা মই মালিনীৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিছিলো ৷ মালিনীক যেতিয়া দেউতাকে আমাৰ ঘৰৰ পৰা একেবাৰে লৈ যাবলৈ আহিছিল মোক এক অবুজ শোকে আঁৱৰি ধৰিছিল যদিও মই যেন স্বস্তিৰ নিশ্বাস পেলাইছিলো ৷ যিকোনো অনাহুত ধুমুহাৰ পৰা হাত সাৰিব পাৰি ! আজি মালিনীৰ জীৱন কাহিনী শুনি পুনৰবাৰ মোৰ নিজকে দোষী যেন অনুভৱ হ’ল ৷ মালিনীৰ জীৱনৰ নিষ্ঠুৰ বাস্তৱে মোক অনুভূতি প্ৰৱণ কৰি তুলিলে ৷ ক’ব নোৱাৰাকৈ মোৰ হাতখন মালিনীৰ হাতত থলো ৷ যেন সেই প্ৰথম দিনা মালিনীয়ে মোৰ হাতত তাইৰ হাতখন ৰখাৰ দৰে ৷ মই পাহৰি গ’লো যে মই আজি দুটা সন্তানৰ পিতৃ আৰু পঞ্চাশোৰ্ধ এক প্ৰৌঢ় ৷ সমাজত মোৰ এক বিশেষ স্থান আছে ৷ মোৰ বয়স আৰু ব্যক্তিত্বৰ গুৰুত্বক সৰোগত কৰিমই এইখন সমাজত এখন আসন পাবলৈ সক্ষম হৈছো ৷ মালিনী আৰু মোৰ মাজত ইতিমধ্যে এখন বিৰাট দেৱালৰ সৃষ্টি হৈছে যাক অতিক্ৰমি আমি কিবা এটা অৱাস্তব, অসম্ভৱ কথা চিন্তা কৰা অনুচিত ৷ মই পুনৰ ভুল কৰিবলৈ ওলাইছো নেকি ? মোৰ হাতখন মই আঁতৰাই আনিলো ৷ মালিনী পঙ্গু স্বামীৰ বোজা কঢ়িয়াই পতিব্ৰতা পত্নীৰ দায়িত্ব পালন কৰি আছে; লগত আছে এজনী কনমাণি ছোৱালীজনীক লৈ তেওঁ সপোন দেখে ডাঙৰ মানুহ কৰাৰ, “বন কৰা ছোৱালী” নহয় ৷

দূৰভাষঃ ৮৮১১০৮৫৯৯২