এজাক বতাহে আহি জুৰুলা কৰি গ'ল ৷ শীতৰ পুৱাৰ
বতাহ যাক সঁচাই বৰ নিৰ্মল । দেহ শেঁতা পৰি যায় যদিও মনটো বৰকৈ জীপাল কৰি তোলে ৷ গৰু
হাল লাহে লাহে বাঁহনি দৰাৰ মাজে মাজে খোজ লৈছে ৷ মই মাথোঁ পঘাডাল ধৰি হে গৈছো ৷
পথাৰ খন সঁচাই বৰ ধুনীয়া, বৰ বিশাল ৷ দূৰৈৰ পাহাৰটো সৰুৰে পৰাই ঠিকে একে দৰেই মোলৈ
চাই ৰৈছে ৷ নিচেই আপোন যদিও নামটোৰ বাহিৰে কোনো দিনে ওচৰৰ পৰা চোৱাৰ সৌভাগ্য আজিলৈ
নহ'ল ৷ সদায় একেদৰে মোলৈ চাই ৰয় আৰু মইও বৰ আপোন আপোন ভাবেৰে চাই থাকো ৷ আইয়ে সদায়
ভয় খুৱাইছিল দুপৰীয়া পথাৰলৈ নাযাবি পাহাৰত থকা দেউভূত নামি আহিব ৷ মইও বৰ ভয়
খাইছিলো, লগৰ সমনীয়াকো ভয় খোৱাইছিলো ৷ সিহঁতেও বৰ আগ্ৰহেৰে সাধু কথা বোৰ শুনিছিল ৷
মইও উলাহতে অলপ বহাই কৈছিলো ৷ কিমান সহজ সৰল আছিল সময় বোৰ ৷ কেতিয়া হেৰাই গ'ল
দিনবোৰ, কেনেকৈ নোহোৱা হ'ল সোণালী শৈশৱ গমকে চোন নাপালো । গৰু হাল ভাল ঘাঁহনি এডৰা
চাই এড়াল দি অলপ পৰ আলি এটাতে বহি আকৌ পাহাৰটোলৈ চালো ৷ কিমান বিশাল ডাৱৰ বোৰ যেন
হাতটো মেলিলে ঢুকি পাম ৷ বৰ মন যাই কেতিয়াবা শৃংগত উঠি ডাৱৰ বোৰ এবাৰ চুই চাবৰ ।
ৰমা কাইটি হেনো এবাৰ গৈছিল পাহাৰটোলৈ । বৰ ধুনীয়া বোলে সৰু সৰু জুৰি আৰু তাৰ পাৰে
পাৰে আছে কাৰ্বি সকলৰ গাওঁ ৷ ইয়াৰ পৰা বহুত দূৰ ৰাস্তাও বৰ এটি সুচল নহয় ৷ চহৰৰ পৰা
হে হেনো গাড়ী চলে তালৈ । দূৰৈৰ পৰা হৰেণৰ মাতটো শুনি ঘূৰি চালো ৷ সিও গৰু খেদি
আহিছে সৰিয়হ দৰা সোন হৈ জিলিকিছে ৷ বৰ কষ্ট হ'ল যদিও ফচল দেখিলে সকলো কষ্ট অনুভৱ
নহয় একেবাৰে ম্লান হৈ পৰে । সিও আহি মোৰ ওচৰতে বহিল হি । জীৱনৰ বহু বসন্ত পাৰ কৰিছো
দুয়ো মিলি ৷ সেই তাহানিৰ কচুপাত দুটি লৈ বাৰিষাৰ কেচা পথেৰে স্কুললৈ বুলি যোৱা ৷
অতিপাত গৰম পৰিলে স্কুল লৈ বুলি ল'ৰ মাৰি নদীত গা ধোৱা, আনৰ বাৰীৰ লেটেকু, পনিয়ল
চুৰ কৰা কত অপৰাধৰ সংগী ৷ আজি জীৱনৰ দুকুৰি বছৰ ইহঁতৰ লগতে পাৰ কৰিলো । অথচ ভাবিয়ে
চোৱা নাই কেতিয়াও পাছলৈ ঘূৰি ৷ ক'ত ঘাত- প্ৰতিঘাত, নিষ্ঠুৰ ৰাতি পাৰ কৰিলো ৷ তথাপি
জীৱনটোক লৈ মোৰ কোনো আপত্তি নাই ৷ দুটা এমা দিমা ল'ৰা- ছোৱালী আৰু এজনী সদৰী পত্নী
জয়া ৷ প্ৰায় সুখৰ সংসাৰ এখন বুলিয়ে কোব পাৰি । হৰেণ হঠাৎ অস্থিৰ হৈ ক'লে-
- কিনো মনে মনে পাহাৰ তোলৈ ভেবেকা লাগি চাই আছো । মই মিচিকিয়া হাঁহি এটা মাৰি ক'লো-
- নাই একো নাই ৷ মই মোৰ আৱেগ বোৰ লুকাৱাই ৰাখিব চেষ্টা কৰিলো, কিজানি সি খিল খিলাই হাঁহি দিয়ে বোলে বুঢ়া বয়সত সপোন চা তাৰ ৷ কিন্তু নাই সি মোৰ মনটো যেন ঠিকেই বুজিলে নীৰৱতা ফালি সি হঠাৎ কৈ উঠিল মনত আছে নে তোৰ এদিন যে দুয়ো পাহাৰ তোলে বুলি এবেলে দৌৰিছিলো । সঁচাই কিমান যেন সপোন আছিল আমাৰ । মই হুমুনিয়াহ এটা কাঢ়ি ক'লো-
- সকলো বোৰ এতিয়া মাথোঁ হেৰুৱা সুবাস বুইছ হৰেণ ।
সি পুনৰ একো এবাৰ অস্থিৰ হৈ ক'লে-
- এইবাৰ সৰিয়হ পেৰি পোৱা তেল দুয়ো দেওবৰীয়া বজাৰত বেছিম আৰু পাহাৰটো এবাৰ চাই আহিম ৷ এই হেৰুৱা সুবাস আমি পুনৰ ইস্পৰ্শ কৰিম ৷