আজি বহুদিন হ'ল ফেচবুক কৰা নাই । সময় নাই অমলৰ
ফেচবুক কৰিবলৈ নতুনকৈ কোম্পানি এটাত সোমাই সি বহুত ব্যস্ত হৈ পৰিছে উপায়ও নাই
চিনিয়ৰৰ কথা নুশুনিলে হয়টো তাৰ চাকৰি যাব পাৰে আজিকালি যিহে দিন পৰিছে চৰকাৰী চাকৰি
ঘোচ নিদিলে পোৱা নাযায় তাতে আকৌ তাৰ পক্ষত সম্ভৱও নহয় ঘোচ দি চৰকাৰী চাকৰি এটা
যোগাৰ কৰি ল'বলৈ । যিও অলপ মাটি বাৰী আছিল তাৰ পঢ়াৰ নামতে দেউতাকে গাৱঁৰ মহাজনৰ তাত
বিক্ৰী কৰিছিল । এতিয়া মাটি বুলিবলৈ একমাত্ৰ ঘৰৰ ভেটি কণহে আছে । এইফালে ভনীয়েক
এজনীও আছে বিয়া দিবলৈ দেউতাকৰ সপোন আছিল সি পঢ়ি শুনি চাকৰি কৰিব দুখৰ দিন অন্ত পৰি
সিহঁতৰ ঘৰলৈও এদিন সুখৰ দিন আহিব । কিন্তু দেউতাকৰ সপোন সপোন হৈয়ে ৰ'ল, ঘৰখনৰ
আৰ্থিক অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি ওলাই আহিছিল গুৱাহাটীলৈ । কোম্পানিত নতুনকৈ চাকৰি
এটাত জইন কৰি দিন ৰাতি এক কৰি কাম কৰিছে তাৰ সপোনবোৰ বাস্তৱ কৰিবলৈ । আজি অলপ সময়
উলিয়াই ফেচবুক কৰিব লওঁতে তাৰ মোবাইল স্ক্ৰীনত ভাহি আহিল জ্যোতিৰ ফোন নম্বৰ । সি
ৰিচিভ কৰিলে ৰিচিভ কৰাৰ লগে লগে ফোনৰ সিতো মুৰৰ পৰা জ্যোতিৰ কান্দোন ভাহি আহিল
।
- আৰে তুমি কান্দিছা কিয় ? কি হ'ল.. ?
- মোক চাবলৈ ল'ৰা আহিব
- হাঃ হাঃ হাঃ
- তুমি হাঁহিছা
- অ' তো নাহাঁহি কান্দিম নেকি ? ছোৱালীক চাব নাহি কি ল'ৰাক চাব আহিব নেকি ? আৰু কিবা চাবহে আহিব তাতে কি হ'লনো ?
- সঁচাকৈ তোমালোক ল'ৰা বোৰ অলপো চিৰিয়েচ নোহোৱা । যেতিয়া গম পাইছো মোক চাব অহা কথা তেতিয়াৰে পৰা বুকুত অজান বিষ এটাই আহি ভুমুকি মাৰিছেহি ৷ তোমাৰ পৰা আঁতৰি যোৱাৰ ভয় মোৰ হিয়াত বাহ সাঁজিছে ।
- তোমাক চাবলৈ আহিব বিয়া পাতিবলৈ নাহে নহয় ।
- যদি পছন্দ কৰে
- সেই কাৰণে ধুনীয়া হ'ব নালাগে বুইছা, তোমাক দেখাৰ পিছত ডেকা ল'ৰা বাদেই বুঢ়া এটাইও পছন্দ কৰিব ।
- ধেমালি নকৰিবা মই তোমাৰ অবিহনে জীয়াই থাকিব নোৱাৰিম । তোমাক নাপালে মই মৰি থাকিম ।
- ফাল্টু কথাবোৰ কৈ নাথাকিবা, শুনা গধূলি উলাই আহিবা ফুৰিব যাম । হেল্ল.... হেল্ল...... টুইট..... টুইট.... টুইট
ফোনৰ লাইন বিছিন্ন হৈ গ'ল । অমলৰ মনটো সেমেকি উঠিল মন গৈছিল ক'ল বেক কৰিবলৈ কিন্তু কি হব ম'বাইলত balnce zero। বেচেৰি জনীয়ে চাগে এতিয়া মনটো মাৰি বিচনাত পৰি আছে সি যদি তাইক এতিয়াই নিজৰ কৰি ল'ব বিচাৰে তাই না নকৰে হাজাৰ বাধা নেওচি হ'লেও তাই অমলৰ ওচৰলৈ আহিব । বহুত ভাল পায় তাই অমলক আৰু অমলেও তাইক । কিন্তু কি হ'ব অমলে যে জ্যোতিক এতিয়াই নিজৰ কৰি ল'ব নোৱাৰে বাস্তৱে নেদিয়ে তাক । সকলোৱে বিচাৰে প্ৰিয়জনক পৃথিৱীৰ সমষ্ট সুখ দিবলৈ অমলেও বিচাৰে জ্যোতিক সুখ দিবলৈ কিন্তু এতিয়াই জ্যোতিক নিজৰ কৰি সি বিচৰা ধৰণে সুখ দিব নোৱাৰে । কি কৰিব সি জ্যোতিক আনৰ হ'ব দিব নে নিজৰ কৰি ল'ব এইবোৰ ভাবি থাকোতে তাৰ ৰূমৰ দুৱাৰত টকৰ পৰিল । সি উঠি গৈ দুৱাৰখন খুলিলে, খুলিয়ে সি আচৰিত ।
- আৰে নিহাৰ তই... হঠাৎ আৰু ইয়াত একেবাৰে বেডিংপএ লৈ ।
- এতিয়া দুৱাৰ মুখতে এনেকৈ ৰাখিবি নে ভিতৰলৈ নিবি
- আহ আহ.. দুয়ো সোমাই আহিল ৰূমলৈ । নিহাৰ অমলৰ বাল্য কালৰ বন্ধু দুয়ো একে লগে পঢ়া শুনা কৰিছিল নিহাৰৰ বাপেকৰ টকা থকাৰ বাবে ঘোচ দি তাক চৰকাৰী চাকৰি দিয়াছিল । এতিয়া সি দিল্লীত থাকে ।
- বাৰু ক' চোন কিয় আহিলি ?
- তোলৈ মনত পৰিল, তোকে চাব আহিলোঁ
- বিশ্বাস নহয় তথাপি কৈছ যেতিয়া মানিছ, বাৰু খবৰ ক ?
- ভালে, তোৰ ?
- আছো দে যেনে তেনে, সিমান ভাল নহয় বুলি কৈ সি চাহ বনাবলৈ গ'ল
- কিয় ? কিবা অসুখ বিসুখ ?
- নহয়, চাহ বনাই বনাই ক'লে
- নহ'লে কিয় ? আৰে ভাই তই যদি মোকে নকওঁ কাক কবি, ক চোন ক কি হৈছে । অমলে চাহ একাপ নিহাৰক দি একাপ নিজে লৈ চকীখনত বহি ললে তাৰ পিছত অমলে ক'লে
- মই যি জনী ছোৱালী ভাল পাওঁ তাইক হেনো ল'ৰা এজনে চাব আহিব ।
- উঠাই দে, কি ভাবি আছ ? নে তাই নাহে ?
- তাইতো এতিয়াই আহিব প্ৰস্তুত, কিন্তু তাইক যে মই এতিয়াই আনি মই বিচৰা ধৰণৰ সুখ দিব নোৱাৰিম । মোৰ কথা বাদ দে তই বিয়াখন কেতিয়া পাতিবি ?
- বিয়াখন পাতিম বুলিয়েই এইবাৰ দীঘলীয়া চুটি লৈ আহিছোঁ
- হয় নেকি, পিছে ছোৱালী চালি নাই ?
- মা হঁতে এজনী চাইছে , ইয়াৰে গুৱাহাটীৰ জাপৰিগোগৰ । সেয়েহে মোকো মা হঁতে মাতি পথালে যদি মোৰ পছন্দ হৈ আৰু মোক পছন্দ কৰিলে বিয়াখন পাতিম ।
: তোৰ দৰে হেণ্ডছম ল'ৰা এটা কোন ছোৱালীয়ে পছন্দ নকৰিব বাৰু, তোৰহে পছন্দ হয় নহয় তাতহে সন্দেহ আছে মোৰ ।
- হাঃ হাঃ হাঃ তোৰো যে কথা । পিছে এটা কথা তইও পৰশী মোৰ লগত ছোৱালী চাবলৈ যাব লাগিব ।
- সময় পালে যাম বাৰু, কোম্পানিৰ চাকৰি কেতিয়া ক'ত যাব লগা হয় থিক নাই ।
- মই সেইবোৰ নাজানো পৰহি মোৰ লগত ছোৱালী চাবলৈ যাব লাগিব বছ.. ৷
- হ'ব দে, তই এতিয়া ফ্ৰেছ হৈ ল', মই ভাত বনাওগৈ।
এয়া কি...? ঘৰতো দেখি অমলৰ চকু কপালত উঠিল । কেনেবাকৈ নিহাৰে চাব অহা ছোৱালীজনী জ্যোতি নহয়তো.. ? যদি হয়.... নাই. . . .নাই অমলৰ গাৰ নোম শিয়ৰি উঠিল ।
- ঐ কি ভাবি আছ.. ? পালোহি গাড়ীৰ পৰা নাম আকৌ । নিহাৰৰ মাতত অমলে থত মত খাই উঠিল । গাড়ীৰ পৰা নামি দুয়ো ভিতৰলৈ গ'ল । ঘৰৰ মানুহৰ লগত চা চিনাকি হোৱাৰ পিছত ছোৱালীৰ দেউতাকে ছোৱালীজনীক মাতিলে । তল মূৰ কৰি আহি ছোৱালীজনী দেউতাকৰ ওচৰত বহিল । এয়া কি অমল আচৰিত মানে নিহাৰে চাব অহা ছোৱালীজনী অইন কোনো নহয় সি ভাল পোৱা জ্যোতি হয় । নিহাৰক কেনেকৈ কয় যে সি চাব অহা ছোৱালীজনী তাৰ প্ৰেয়সী । জ্যোতিয়ে অমলক দেখি কিবা ক'ব খুজিও বাস্তৱৰ আগত হাৰ মানি ৰৈ গ'ল, মাথোঁ জ্যোতিৰ দুচকুৰে চকুলো বৈ আহিল । এইফালে বাল্য কালৰ বন্ধু আনফালে প্ৰেয়সী কি কৰিব সি নিৰুপায় হৈ ভাবি ভাবি তাৰও চকুলো বৈ আহিল । তাৰ উলাই অহা চকু পানী ঢাকিবলৈ কিবা এটা অজুহাত দেখুৱাই সি তাৰ পৰা উলাই আহিল । পকেটৰ পৰা মোবাইলটো উলিয়াই জ্যোতিলৈ বুলি এটা মেছেজ লিখিলে, নিহাৰ মোৰ বাল্য কালৰ বন্ধু খুব ভাল ল'ৰা সি তোমাক পৃথিৱীৰ সমষ্ট সুখ দিব পাৰিব, মোক ক্ষমা কৰি দিবা মই তোমাক মোৰ নিজৰ কৰি ল'ব নোৱাৰিলো, তুমি মোক আজি ভাবিব পাৰা কাপুৰুষ বুলি, অ' মই কাপুৰুষ তোমাৰ সুখৰ বাবে আজি মই কাপুৰুষ হৈ আঁতৰি আহিলো । তুমি সুখী তাৰে কামনা কৰিলো ৷