পুৱাই বৰুৱাই গাটো ধুই আহি কাপোৰযোৰ পিন্ধি ল'লে ৷ জোতাযোৰ পিন্ধিব লওঁতেই
পাকঘৰৰ পৰা বৰুৱানীৰ ভোৰভোৰনি শুনি বৰুৱাই মাত লগালে-
- কিটচেনত সোমাই কিনো ভোৰভোৰাই থাকাহে ?
আজিকালি আকৌ মধ্যবিত্তৰ পৰা আদি কৰি গাওঁ- চহৰৰ সকলোৰে মুখত হিন্দী ইংৰাজীৰ খিচিৰি ভাষা কৈহে নিজক সভ্য প্ৰমাণ কৰিবলৈ যায় আৰু অসমীয়া শব্দবোৰৰ ইংৰাজী কৰি কোৱাটো এক প্ৰকাৰৰ নিয়মে হৈ উঠিছে ৷
- মা, মোৰ দেৰি হৈছে খাবলৈ দিয়া আৰু টিফিন ভৰাই দিয়া ৷ পুতেকৰ চিঞৰ শুনি বৰুৱানীৰ খং দুগুণে চৰিল ৷
ৰাতিপুৱা পৰা এই কলিয়া চৰুটোকে জোকাৰি মোৰ আধা বয়স গ'ল আৰু.......
- কিয়নো বকি থাকা অ ৷- বৰুৱাই জ্বলা জুইত যেনিবা ঘিওঁহে ধালিলে ৷ দপদপাই জ্বলি উঠা জুইকুৰা দৰে বৰুৱানী জ্বলি- পকি উঠিল ৷
- মনে মনে থাকক ৷ কাম কৰা বাই এজনী আনি দিব কৈ কৈ মুখ বিষ উঠিল ৷ আজি নানিলে ৰাতিলৈ ভাত খোৱাম ভালদৰে ৷
বৰুৱানীৰ মুখৰ লগতে হাতো সমানে চলিল ৷ পুতেক আৰু বৰুৱাক খোৱাৰ যোগাৰ কৰাৰ লগতে সমানে বকি থাকিল ৷ বৰুৱানী সদায়ে এনেকোৱা, আজিও তাৰ ব্যতিক্ৰম নহয় ৷
পুতেকে কিবা এটা নাখাওঁ বুলি ক'বহে পালে বৰুৱানী দাঁত- মুখ কৰচি আহিল-
- যি দিছো খা আৰু স্কুল যা, তহঁত বাপেৰ পুতেৰ দুটাৰ পৰা শান্তি নাই মোৰ ৷
বৰুৱা নিজৰ টিফিনৰ লগতে পুতেকৰ টিফিনটো লৈ ওলাই গ'ল ৷ বৰুৱা যাবলৈ পালেলে তেনেতে কলিং বেলৰ মাতটো শুনি বৰুৱানী ওলাই গ'ল-
- অহ,কলিতানী আপুনি আহক আহক
- ভালে আছে ?
- দেখিছে নহয়, বাৰু ভিতৰলৈকে আহক ৷ - বৈঠক খানাত কলিতানীক বহুৱাই বৰুৱানী ভিতৰলৈ সোমাই গ'ল ৷ অলপ পাছতে চাহ একাপ লৈ বৰুৱানী ওলাই আহিল-
- চাহ আনিলে যে, মই ভাত খাই আহিছিলোহে, আপুনি আনিলেই যেতিয়া.... - বৰুৱানী হাঁহি এটা মাৰি সন্মুখৰ চোফাখনতে বহিল ৷
- বৰুৱানী কথা এটা কওঁ, বেয়া হ'লে নাপাব-
কলিতানীৰ কথাত বৰুৱানীয়ে কলিতানীৰ মুখলৈ প্ৰশ্নবোধক দৃষ্টি ৰাখিলে ৷
- মানে বৰুৱানী আপুনি ইমান ধুনীয়া মানুহজনী আজি দুদিনমানৰ পৰা দেখিছো এক্কেবাৰে শেঁতা পৰি গৈছে হে"
- অ সেইটো কথা
- হেৰি কৰিব নহ'লে মোৰ লগতে বিউটি পাৰ্লাৰলৈ ওলাব এদিন ফেচিয়েল কৰি আহিব
- নহয় অ' মোৰ ঘৰৰ কাম কাজৰ পৰা একোবাৰে সময় নোহোৱা হৈছে ৷
বৰুৱানীয়ে নিজৰ দুখৰ কাহিনী বিৱৰি গ'ল কলিতানীয়ে জ্বলা জুইত ঘিঁউ ঢালি গ'ল ৷
আচলতে, মানুহবোৰে জীৱন যাত্ৰাৰ দৈনন্দিন কাম কাজবোৰ কৰিবলৈ এলাহ কৰা হ'ল আৰু লগুৱা লিকচৌৰ ব্যৱহাৰে নিজকে ধনী আৰু সভ্য বুলি চিনাকী দিবলৈ লাজ নকৰা হ'ল ৷
বৰুৱানীয়ে কৈ গ'ল-
- দেহৰ কি যতন ল'ব........ ?
কলিতানীয়ে বৰুৱানীৰ কথা শেষ হ'ব নিদিয়াকৈয়ে মুখ পাতি ধৰিলে-
- মোৰ আকৌ আজি অলপ দিনৰ আগতে কাম কৰা ছোৱালী এজনী আনি ল'লো ৷ প্ৰায়বোৰ কাম তাই কৰে ৷
- আপোনাৰে কপাল
- তুমিও বৰুৱাক কাম কৰা ল'ৰা বা ছোৱালী এজনী আনি দিব নোকোৱা কিয় ?
বৰুৱানীৰ পুৱাৰ খংটো ভিতৰি দুগুণে বাঢ়িল...
- আজি এওঁক কৈছো, কাম কৰা বাই এজনী আনিব নহ'লে........
- কি ? বাই, হেৰৌ বাই- চাই বাদ দিয়ক, পাৰিলে সৰু ল'ৰা- ছোৱালী এটাহে আনক ৷
- কিয় ?
- এই ডাঙৰ মানুহবোৰে condition ৰ ওপৰি condition দিব, তাতে আকৌ দিন কাল যিহে....
- তেতিয়া হ'লে ?
এইবাৰহে এইবাৰ দুয়োৰে বিয়নী মেলৰ প্ৰভাৱ বৰুৱানীৰ ওপৰত বাৰুকৈয়ে পৰিল ৷অলপ ভাবি.....
- আপুনি বহক মই আপোনালৈ কিবা খোৱা ব্যৱস্থা কৰো ৷
- নালাগে নালাগে বৰুৱানী, আচলতে মই আপোনাক ক্লাবৰ সদস্যা পত্ৰ দিবলৈহে আহিছিলো ৷
কলিতানীয়ে কাগজখন দিয়ে আৰু বিদায় বিচাৰি যায়গৈ...
সন্ধিয়া পৰত বৰুৱানীয়ে ধূপ- ধূণা জ্বলাই থাকোতে অফিচৰ পৰা বৰুৱা আহি পায়; লগত ফটা- চিটা কাপোৰ পিন্ধা এটা সৰু ল'ৰা দেখে ৷ ল'ৰাটো প্ৰায় বৰুৱাৰ পুতেকৰ বয়সৰ হ'ব ৷
বৰুৱানীয়ে বুজিবলৈ বাকী নাৰাখি বৰুৱাক ধন্যবাদ দিয়ে ৷
- বৰ ভাল কৰিলে, কাম কৰা ল'ৰাটো আনি ৷
বৰুৱাই অলপ ধমকৰ সুৰত ক'লে-
- ৰ'বা কাম কৰা ল'ৰা নহয় ৷
- নহয় মানে ?
- তোমাৰ পুতেৰৰ বয়সৰ এই ল'ৰাটোক কাম কৰা ল'ৰা সজাবলৈ তোমাৰ অলপো বেয়া নালাগিল ৷
আচলতে বৰুৱাই ফুটপাথত পৰি থকা এটা সৰু ল'ৰা, যিটো ল'ৰাৰ খাবলৈ অন্ন, থাকিবলৈ বাসস্থান, পিন্ধিবলৈ বস্ত্ৰ নাই; তেনে এটা ল'ৰাক তুলি আনিছে মাত্ৰ মানৱতা খাতিৰত ৷ অনাথ ল'ৰাটোক অন্ন, বস্ত্ৰ, বাসস্থানৰ যোগান ধৰি এখন কিতাপ হাতত তুলি দিয়াৰ মানসেৰে বৰুৱাই লেতেৰা ল'ৰাটোক ঘৰলৈ তুলি আনিলে ৷ বৰুৱাই বৰুৱানীক বহুত বুজোৱাৰ পাছত বুজি পালে যে পুতেকৰ বয়সৰ ল'ৰাটোক কামত লগোৱাটো যিমান দূৰ আইন মতে দণ্ডনীয় সিমানে কিন্তু মানৱীয়তাৰ ফালৰ পৰাও অশুভনীয় ৷
বৰুৱানীয়ে অলপ হাঁহি ক'লে-
- তেন্তে আজিৰ পৰা আমি চাৰিজন ৷
ঠিকনাঃ কাজিৰঙা