কালচক্ৰ (অহনা ৰায়)

বিলাসীতাত ভোল গৈ বিভোৰ নহ'বি,
কাষত থাকোতেই কাষৰ পৰায় চাই ল',
কোনেও তো নাজানে
সময়ে কেতিয়া চলাব সৰ…
কেতিয়াবা হেৰাই যাবি
নিজক বিচাৰি,
নিমিলা হ'ব চিনাকী সুৰৰ
অচিনাকী গীতৰ বাখৰ ৷

সপোনে ৰঙীণ দলিচাত উঠি
লগাব পাৰে জট,
সম্পৰ্কবোৰ হ'ব পাৰে সাথৰ…
নাপাহৰিব,
দিঠকেহে নিচুকায় তোক ৷

মাঠিৰ ভাজত জীপাল হ'
নীলাবোৰ চকুত সানি ডাঠ কৰ
তোৰ কাজল ৷
নাভাগৰিবি,ৰঙাকৈ জীলিকিব
এদিন তোৰেই সাজত ৷