বেলি ডুবাৰ আগতেই আহিবা (মৃণাল কুমাৰ বৰা)


ৰ'দ পুৱাব বিচাৰিলে
বেলি ডুবাৰ আগতেই আহিবা
নহ'লে শীতৰ কঠোৰতাত
থৰ থৰ কৈ কঁ‌পিব
তোমাৰ উমাল দেহা ৷

ৰ'দ পুৱাব বিচাৰিলে
বেলি ডুবাৰ আগতেই আহিবা
নহ'লে উপলব্ধি ন'হব
ৰ'দৰ ৰ'দালি ৷

ৰ'দ পুৱাব বিচাৰিলে
বেলি ডুবাৰ আগতেই আহিবা
নহ'লে কালসৰ্পী এন্ধাৰ এজাকে
সাবটি ল'ব তোমাৰ শৰীৰ
গ্ৰাস কৰিব শৰীৰত আবদ্ধ
অবশিষ্ট ৰ'দৰ উত্তাপ ৷

ৰ'দ পুৱাব বিচাৰিলে
বেলি ডুবাৰ আগতেই আহিবা
নহ'লে অকোৱা- পকোৱা পথত
বাট বুলিব তোমাৰ খোজ
যি খোজত বিলীন হ'ব
তোমাৰ জীৱন- যৌৱন আৰু সপোন ৷