আজি বহুদিন হ'ল কবিতাৰ পিছ খেদি
প্ৰাতঃ ভ্ৰমণত নোযোৱা
আজিকালি মই কবিতাৰ লগত
উজাগৰী নিশাও নকটাও,
কাৰণ আজি মোৰ প্ৰেমিকা সলনি হৈছে
হয় ঠিকেই কৈছো ......
মই আজি তোমাৰ প্ৰেমত পৰিছো
কবিতাৰ আখৰে আখৰে তোমাক ঘূৰাইছো
পাছ কৰ্চৰ বহীৰ শেষ পৃষ্ঠা তোমাৰ ছবিৰে ভৰাইছো
তোমাৰ এটি চাৱনিৰ বাবে তোমাৰ আগে পিছে দৌৰিছো,
কিন্তু ক'তা
তুমিতো খিল খিল হাঁহি মাৰি
চুলিটাৰি উৰুৱাই গুচি যোৱা
তুমি অনামিকা...
মই তোমাৰ ঠিকনা বিচাৰি ফুৰিছো
তোমাৰ প্ৰতিটো ষ্টাইলেই মোৰ প্ৰিয়
সেইযে চকুৰ আগলৈ হালি অহা কেইডালমান চুলি
তুমি হাতৰ দুই আঙুলিৰে পিছলৈ দি দিয়া
উহঃ উন্মত্ত প্ৰেমিক মই
তুমিতো নুবুজিবা ৷
ঠিকনাঃ উত্তৰ লখিমপুৰ মহাবিদ্যালয় (স্বায়ত্তশাসিত)







