পানীটো প্ৰতিবছৰে হ'য়,
প্ৰতিবছৰেইতো আমাৰ ঘৰ- বাৰী ডুব যায়
লগতে ডুব যায় আমাৰ সপোনবোৰ,
আৰু কিমানদিন
আমি বুকুৰ মাজত সেই দুখবোৰ লৈ ফুৰিম ?
আমিওঁটো মানুহ হে !
আশালৈ আপোনালোকক পঠিয়াওঁ ওপৰলৈ ?
কিন্তু আজিও সেই একেই !
স্বাধীনতাই আজি চেঞ্চুৰি মাৰিবৰ
কেইটামান সংখ্যা বাকী ।
কিন্তু আমাৰ ইয়াত
বাৰিষাৰ প্ৰথম বানতে
সকলো মথাউৰি ভাঙি শেষ হ'য় ৷
আচলতে দুখ কাকনো দিম,
সকলোচোন একেই মাজতটো মধ্যভূগী আছেই !
প্ৰতিবছৰেই তেওঁলোক আহে
আৰু ঘৰিয়াঁলৰ চকুপানী টুকি যায় ।
কিন্তু সমস্যাটোৰ স্থায়ী সমাধান কৰিবলৈ মৰসাহ নাই ৷
কি ক'ব তেওঁলোকৰ কথা
বিলাসীতাৰ জীৱনতাত
আপুনি মই কি কৰিব পাৰো ৷
দুখ লাগে তেতিয়া যেতিয়া,
সাহাৰ্য্যৰ নামত অহা সেই টোপোলাকেইতাওঁ
মধ্যভূগীৰ হাতত হৰলুকি হ'য় ৷
ৰাতিৰ আহাৰ মুঠি ল'বলৈয়ো
যেতিয়া চৌকা জ্বলাব নোৱাৰে,
ৰাতি আধাপেটীয়া হৈ
ৰাস্তাৰ কাষত জুপুৰি বনাই
দিন কটাবলগীয়া হ'য়,
সি সঁচাকৈয়ে ভাষাৰে বুজাব নোৱাৰা দুখ ৷







