বন্ধু তুমি মোৰ আজন্ম সংগী
সৌ শৈশৱৰ পৰা মোৰ লগ এৰা নাই তুমি
প্ৰতি উৎসৱ প্ৰতি অনুষ্ঠান প্ৰতি মুহূৰ্ততে
তোমাৰ উপস্থিতি মোৰ লগত ৷
সাধাৰণ শিক্ষকৰ চাকৰিটো পাই
তোমাক অলপমান পাহৰা হৈছিলো
কিন্তু আজি আকৌ বুজি পালো মই
তোমাৰ লগ এৰিব নোৱাৰো
অথবা ক'ব পাৰো
তুমি মোৰ লগ এৰিব
নোখোজা
আৰু বুজিছো যিহেতু তুমি মোৰ বন্ধু,
ভালপোৱা মোৰ বাবে পাপ...
এটা ডাঙৰ অপৰাধ
তুমি চাগে গোটেই জীৱন
মোৰ সংগী হৈ থাকিবা
আৰু মোৰ চকুত সদায়
থাকিব আদ্ৰতা
তুমি মোৰ আজন্ম সংগী
মোৰ বন্ধু দৰিদ্ৰতা ৷







