ৰেখা আৰু ৰিয়ানৰ ভালপোৱা ৫ বছৰ হৈছিল ৷ এদিন দুয়ো মন্দিৰত গৈ বিয়া হৈছিল সেই
কথা কোনেও নাজানে ৷ ৰিয়ানে ৰেখাক হেৰুৱাৰ ভয়ত সেন্দূৰ দি থৈছিল ।
সেন্দূৰ দিয়া সাত মাহ মান পিছত ৰেখাক চাবলৈ এটা চাকৰিয়াল ল'ৰা আহিল আৰু মাক দেউতাকে ল'ৰাটোক কথা দিলে যে ৰেখাক তেওঁলৈকে বিয়া দিব । ৰেখাই মাক দেউতাকৰ ওপৰত মাত দিবলৈ সাহস নকৰি নিজকে কষ্ট দি হ'লেও বিয়াৰ বাবে সন্মতি দিলে ৷
এই কথা লাহে লাহে তাইৰ প্ৰেমিক ৰিয়ানৰ কাণত পৰিল আৰু বিয়ালৈ দুই মাহ মান থাকোতে ৰিয়ানে ৰেখাক এটা মেছেজ দিলে যে ৰেখা তোৰ বিয়া অথচ মোক তই এবাৰো নকলি মইও চাম আমাৰ ভালপোৱা কিমান গভীৰ, তোৰ শিৰত দিয়া সেই সেন্দূৰৰ কিমান মূল্য ৷
তোৰ বিয়া দিনাই মোৰ মৃত্যু ঘোষণা হ'ব তই চাই থাক আৰু মাত্ৰ দুটা মাহ... এইটো মোৰ শেষ কথা পাৰিলে ৰাখিবি ৷ যদিহে মোক ভালপাৱ সেন্দূৰৰ মূল্য আছে বুলি ভাৱ তেন্তে মোৰ মৃত্যুৰ লগে লগে তই বগা সাঁজযোৰ পিন্ধিবি ।
মই তোলৈ বগা সাঁজ এযোৰ আনি মোৰ ৰূমৰ সেই যে সৰু বাকচটো যত মই মোৰ লাগতিয়াল কাগজ পাতি থওঁ তাতেই লোকোৱাই থম তই পিন্ধি ল'বি.....
এয়া মোৰ শেষ ইচ্ছা ...