মূলঃ তছলিমা নাছৰিন
অনুবাদঃ ছা-হা-বা হাৰ্টি
ভুল প্ৰেমত পাৰ হৈছে ত্ৰিশটা বসন্ত,
তথাপি
এতিয়াও মোৰ হৃদয় কপেঁ-
প্ৰতাৰক পুৰুষে আঙুলি স্পৰ্শ কৰিলে
শিলৰ শৰীৰ বৈ নিজৰাৰ পানী নিগৰে ৷
এতিয়াও কল্- কল্ শব্দৰ প্ৰতিধ্বনি শুনো
নিৰ্জন ব'হাগত, মাঘ- চ'তত
ভুল প্ৰেমত পাৰ হৈছে ত্ৰিশটা বসন্ত,
তথাপি
বিশ্বাসৰ ৰ'দত নিজকে অঙঠা কৰো ৷
প্ৰতাৰক পুৰুষে এবাৰ মাতিলেই
পাহৰি যাওঁ অতীতৰ সজল ভৈৰৱী,
মেঘাচ্ছন্ন আকাশ, নিদ্ৰাহীন দীৰ্ঘ ৰাতি ।
এবাৰ মাতিলেই
সকলো পাহৰি খোজ দিওঁ
নতুনকৈ ভুলৰ দিশত
এবাৰ মৰম কৰিলেই
সকলো পাহৰি কান্দি উঠো অমল বালিকা ।
ভুল প্ৰেমত ত্ৰিশটা বছৰ গ'ল
আৰু সহস্ৰ বছৰ যাব
তথাপি, বোধ নহ'ব নিৰ্বোধ বালিকাৰ ।







