বহু দিন নিগৰি পৰা নাই
এটোপাল শব্দতোৰ পলসুৱা বুকুত
তপত নিশাহৰ উমত
ৰঁচা নাই কবিতা
কলমৰ কালি বোৰ টোপ ধৰে
নীব'ৰ আগত
আন্ধাৰতো বিচাৰি ফুৰে
এখনি হালধীয়া পথাৰ
পোখা মেলিবলৈ
তোমাৰ বুকুত ছন্দে ছন্দে জীপাল হ'বলৈ
আহাৰৰ ঢলত
শাওনৰ পথাৰত ৰুই দিয়া
শব্দৰ গছিবোৰ ভৰপক দিব
আহিনৰ চোতালত
ওমলিব সোণোৱালী কবিতা হৈ ৷







