মা (বিকাশ নাথ)


অ' মা..... আজি তোলৈ মোৰ বৰকৈ মনত পৰিছে অ' ৷ তোৰ কোলাত মূৰ গুজি শুবলৈ মন গৈছে, চাচোন মা মোৰ বুকুৰ পৰা কেনেকৈ তেজবোৰ ওলাইছে ৷ তোৰ চাদৰৰ আচল খনেৰে এবাৰ মোৰ তেজ বোৰ মচি দেচোন ৷
AK 47 ৰ বুলেট এটা হঠাত মোৰ বুকুৰ মাজেৰে পাৰ হৈ গ'ল, মই একো গমেই নাপালো ৷ অ' মা ইয়াত বৰ ঠাণ্ডা, চাৰিওফালে বৰফেৰে আৱৰা ৷ মই একেবাৰে অৱস হৈ পৰিছো ৷ মোক জোৰেৰে সাবটি ধৰচোন ৷ ভণ্টি ক'লৈ গ'ল ? তাইক পানী এঘটি আনিব কচোন ৷ মোৰ বৰ পিয়াহ লাগিছে..... আজি দেউতাৰ ফটো খনত তই চাকি জ্বলাওতে মোৰ হৈও জ্বলাবি চোন ৷
নাজানো ! মনটোক কিয় দুচিন্তা কিছুমানে আঁৱৰি ধৰিছে....... তই যে সৰুতে খেলিবলৈ যোৱাৰ কাৰণে মোক আঠু কঢ়াইছিলি, পঢ়াৰ টেবুলত টোপনি যাওঁতে যে তই মনে মনে দেউতাক লগাই দিছিলি আৰু দেউতাই মাৰিব ধৰোতে তইয়ে জানো দেউতাক বাধা দিয়া নাছিলি ! মইতো ভয়তে একেবাৰে কোঁচ মোচ খাই তোৰ আচলৰ তলত লুকাই পৰিছিলো..... সঁচাই সেইখিনি বৰ মধুৰ ক্ষণ আছিল অ'.... কথাবোৰ ভাবিলে বুকুখন বৰ বেছিকে বিষাই....... উহ্ঃ
মোৰ সম্ভৱ যাবৰ সময় হৈ গ'ল ৷ এই বাৰ প্ৰমোচন পাই তৰা লগোৱা সামৰিক পোছাক যোৰ মই পিন্ধি দেখুৱাব নোৱাৰিম... ভণ্টিক ভালকে পঢ়িব দিবি ৷ তই তাইৰ বিয়া কথা চিন্তা নকৰিবি সকলো খিনি যোগাৰ মই কৰি থৈছো ৷ তইয়ো দৰৱ পাতি বোৰ সময়ত খাবি ৷ মোৰ মৃত্যু ঘণ্টা বাজিব এতিয়া..... মৃত্যুক আঁকোৱালি লোৱাৰ লগে লগে এই যুদ্ধ স্থলীতে মোক কাঠৰ এটি বাকচত কেইটামান গজালেৰে বন্ধ কৰি ঘৰলৈ লৈ যাব আৰু মোৰ লগত কিন্তু অফিচাৰ সকলো যাব ৷ লগতে দুই- এজন চৰকাৰী মানুহো থাকিব ৷ তই কিন্তু মাত সাৰ দিবি দেই...
অ'.. মা তোক আৰু এটা কথা কওঁ সীমান্তত যিকেইটা পাষণ্ডই আমাৰ সৈনিকৰ ওপৰত গুলিচালনা কৰিছিল তাৰে দুটাক মই AK 47 ৰে কপালত ৰঙা ফোট দি দিছো.....
মা অ'..... তোক বহুত কথা ক'বলৈ থাকি গ'ল.. এইবাৰ তোক কাৰোবাৰ লগত চিনাকী কৰাই দিম বুলি ভাবিছিলো সময়হে ন'হল..... যাবৰ সময়ত তোৰ ভৰি খন চুই যাব পৰা হয় শান্তি পালো হয় কিনো কম সৈনিকৰ জীৱন যে বহুত ত্যাগ কৰিব লগা হয়..... শৰীৰ টো নিঠৰ হৈ আহিছে...... নিদ্ৰা ই আঁৱৰি ধৰিছে আৰু শেষত কৈ যাওঁ আজিৰ পৰা মোৰ নামটো ল'লে নামৰ আগত "শ্বহীদ" শব্দটো লগাব নাপাহৰিবি দেই মা...........