কৰ্ণ (ৰথীন্দ্ৰ কুমাৰ নাথ)

জন্মতেই অবৈধতাৰ কৱচ কুণ্ডল পিন্ধাই
উটুৱাই দিছিলা মোক মৃত্যুৰ গৰাহত
কি দোষ আছিলনো মোৰ
যন্ত্ৰণাৰে আঁ‌কিছিলা মোৰ ভৱিষ্যত ৷

যৌনাকাংক্ষী কুন্তী

তুমিয়েইটো কুমাৰীতেই সূৰ্যৰ প্ৰেমত বলিয়া হৈ
আঁ‌কিছিলা সতীত্ব বিসৰ্জনৰ নাঙঠ ভাস্কৰ্য্য,
নপুংসক পাণ্ডুৰ অলক্ষিতে
গাঁ‌ঠিছিলা বহুগামীতাৰ বকুল মালা ৷
ইমানৰ পাছতো তুমি সতীৰ ভাঁ‌ও দিলা কিয় ?
তোমাৰ বাবেই মোৰ হৃদয়ত গজালী মেলিছিল
ক্ৰোধাগ্নিৰ ব্ৰহ্মাস্ত্ৰ ৷

শ্ৰেষ্ঠ ধনুৰ্বিদ্যাৰ পৰীক্ষাটো ককৰ্থনাৰ বলি হৈছিলো
অৰ্জুনৰ, সূত পুত্ৰ বুলি ৷
আৰু তুমি, মুকবধিৰ ভাঁ‌ও লৈ
উপভোগ কৰিছিলা মোৰ অপমান
আৰু শ্ৰেষ্ঠত্বৰে বিভূষিত হৈছিল অৰ্জুন ৷

কিয় কুন্তী, কিয় ?

অৰ্জুনোটো আছিল
তোমাৰ পাপৰে আন এটি বীজ,
ধৰ্মৰাজ যুধিষ্ঠীৰ,
ভীমটো তোমাৰেই অবৈধ সন্তান।
নকুল আৰু সহদেৱটো মাদ্ৰীৰ গৰ্ভস্থ
আশ্বীনি কুমাৰ আছিল ৷

ধিক্কাৰ পাণ্ডু তোমাৰ সেই পিতৃত্বত ৷

নাৰী হৈ নাৰীক ভোগৰ সামগ্ৰীলৈ ৰূপান্তৰ কৰা
তুমিয়েই সভ্যতাৰ মুখা পিন্ধা উচ্চাকাংক্ষী কুন্তী,
শুকনিৰ প্ৰতিশোধটো তুমিয়েই জগাইছিলা ইন্ধন
আৰু ৰজস্বলা দ্ৰৌপদীৰ বস্ত্ৰহৰণটো তুমি হৈছিলা
এগৰাকী নীৰৱ দৰ্শক ৷

মইয়েই দাঁ‌তা কৰ্ণ,
যি নিজ পুত্ৰৰ মাংস কাটি ক্ষুধাৰ্ত ভীক্ষু ৰূপী
কৃষ্ণৰ উদৰৰ অগ্নি নিৰ্বাপণৰ ব্যৱস্থা কৰিছিলোঁ হাঁ‌হি মুখে ৷
কুৰুক্ষেত্ৰৰ যুদ্ধটো পাণ্ডৱৰ পৰাজয় অনিবাৰ্য আছিল
বাবেইটো ভিক্ষাৰীৰ বেশত ইন্দ্ৰক পঠিয়াইছিলা
মোৰ কাষলৈ কৱচ কুণ্ডল বিচাৰি অমাৱস্যাৰ নিশা ৷

অস্ত্ৰ সম্বৰণৰ প্ৰতিশ্ৰুতিৰে তুমিয়েইটো অকলে যুঁজিছিলা
কুৰুক্ষেত্ৰত,
যমুনা পাৰৰ গৰখীয়া চলনাময়ী কৃষ্ণ
তোমাৰ বেঁ‌কা হাঁ‌হিটিলৈ চাই কোনেনো ক'ব
ধৃষ্টদ্যুন্মৰ মৃত্যুত যে তোমাৰেই হাত আছিল,
শিখণ্ডীক ঢাল সজাই পিতামহ ভীষ্মৰ মৃত্যুও যে
তুমিয়েই নিশ্চিত কৰিছিলা অৰ্জুনৰ হাতত,
কৃপাচাৰ্য্য, আচাৰ্য্য দ্ৰোণ আনকি
দুৰ্যোধনৰ মৃত্যুৰ বাবেও তুমিয়েই দোষী আছিলা ৷

ইমানৰ পাছতো মইয়ে যৌনাকাংক্ষী কুন্তীৰ
মাতৃ স্নেহৰ পৰা বঞ্চিত জ্যেষ্ঠ পুত্ৰ মহাৰথী কৰ্ণ ৷

ঠিকনাঃ সৰভোগ
দূৰভাষঃ ৯৫০৮১৩০৪৪৪