সিদিনা অকলশৰে বহি আছিলো
বহল বুকুৰ লুইতখনৰ পাৰত ৷
বিষাদৰে ভৰা কঁহুৱা জোপাই যেন মোক
ৰিঙিয়াই ৰিঙিয়াই মাতিছিল ৷
সুধিছিল আৰু কৈছিল,
তুমি লুইতৰ পাৰলৈ কিয় আহিছা
বেদনা বিলীন কৰিবলৈ
নকৰিবা তুমি ভাবনা
নল'বা তুমি ইমান বিষাদ,
এই লুইতখনে তাৰ বহল বুকুত
তোমাৰ সকলোবোৰ বেদনা বহু দূৰনিলৈ লৈ যাব
উটুৱাই নিব সোণোৱালী স্মৃতিবোৰ
জানা,
মইও তোমাৰ নিচিনা দুৰ্ভগীয়া পথিক
তথাপিও কিন্তু মই সুখী
আমিও আগতে চুটি চুটি অনুভৱ কৰা সেই দিনবোৰ
আনন্দ মনেৰে যাপন কৰিছিলো ৷
কিন্তু এদিনাখন
এই বহল বুকুৰ লুইতখনে
উটুৱাই লৈ গ'ল মোৰ মৰম ভালপোৱা
কিন্তু মই ৰৈ আছো
কিজানিবা এই বহল বুকুৰ লুইতখনে বুজি পাইয়ে
মোৰ হিয়াভৰা বেদনা
আৰু উভতাই দিয়ে
মোৰ মৰম ভালপোৱাবোৰ
ৰৈ আছো,
বাট চাই আছো
আৰু কেৱল অপেক্ষা কৰি আছো ৷
বহল বুকুৰ লুইতখনৰ পাৰত ৷
বিষাদৰে ভৰা কঁহুৱা জোপাই যেন মোক
ৰিঙিয়াই ৰিঙিয়াই মাতিছিল ৷
সুধিছিল আৰু কৈছিল,
তুমি লুইতৰ পাৰলৈ কিয় আহিছা
বেদনা বিলীন কৰিবলৈ
নকৰিবা তুমি ভাবনা
নল'বা তুমি ইমান বিষাদ,
এই লুইতখনে তাৰ বহল বুকুত
তোমাৰ সকলোবোৰ বেদনা বহু দূৰনিলৈ লৈ যাব
উটুৱাই নিব সোণোৱালী স্মৃতিবোৰ
জানা,
মইও তোমাৰ নিচিনা দুৰ্ভগীয়া পথিক
তথাপিও কিন্তু মই সুখী
আমিও আগতে চুটি চুটি অনুভৱ কৰা সেই দিনবোৰ
আনন্দ মনেৰে যাপন কৰিছিলো ৷
কিন্তু এদিনাখন
এই বহল বুকুৰ লুইতখনে
উটুৱাই লৈ গ'ল মোৰ মৰম ভালপোৱা
কিন্তু মই ৰৈ আছো
কিজানিবা এই বহল বুকুৰ লুইতখনে বুজি পাইয়ে
মোৰ হিয়াভৰা বেদনা
আৰু উভতাই দিয়ে
মোৰ মৰম ভালপোৱাবোৰ
ৰৈ আছো,
বাট চাই আছো
আৰু কেৱল অপেক্ষা কৰি আছো ৷







