(১)
জীৱনলৈ আৰু বহু দূৰ
শেষ হৈ হৈ,
শেষ নোহোৱা
সুখ- দুখৰ,
পোৱা- নোপোৱাৰ
এটা অন্তহীন যাত্ৰা ।
(২)
নীৰৱতাত ঠেকা খাই উভতি আহে,
মোৰ ব্যৰ্থতাৰ প্ৰতিধ্বনি,
দুখনো কি ?
অৰ্থ কি তাৰ ?
মই নাজানো !
হয়তো নিসংগতাই পাতি লোৱা
সুশোভিত কাঁইটীয়া উদ্যান ।
কোনে জানে,
বানেধোৱা খেতিয়কৰ মনত
ঠেহ খোৱা দুখৰ পৰিধি কিমান ?
ঠিকনাঃ নগৰবেৰা
দূৰভাষঃ ৭৩৯৯৪২৫১৮১







