বেলি ডুবিল (দীপ লাহন)


যেতিয়া সহস্ৰটা খিকিন্দালিয়ে
বিদ্ৰূপৰ হাঁহি মাৰে,
তেঁও পৰাজিত হয় !
কিবা এটা কুমজেলেকুৱাৰ দৰে
বগাই আহে
আমৰলিয়ে পোৱা সমাজ
আৰু বোবা বেদনাৰ ভুক্তভোগী তেওঁ
ভাগৰুৱা বেলিৰ পিছে পিছে
শামুকীয়া গতিৰে তেঁও গৈ থাকে !
ক্ৰমশ..... বেলিটো ডুবে ।