প্ৰতি,
মৰমৰ অনুৰাধা,
হাতত কলম তুলি লিখিম লিখিম বুলিও থমকি ৰওঁ ৷ বহুদিন হ'ল তোমাৰ কোনো বতৰা পোৱা নাই । নিশাৰ ঠিকনা কঢ়িওৱা আগ ব'হাগৰ কেতেকীজনীও হেৰাই গ'ল । বৰ্ষণ মুখৰ আবেলিবোৰত হিয়াত ন- বাৰিষাৰ জোৱাৰ উঠে ৷ অথচ কলমৰ আগত ভাহি নুঠে শূন্য বুকুৰ অপূৰ্ণ অনুভৱ । পদূলিত কৃষ্ণচূড়াই আকৌ ৰঙচুৱা হাঁহি ৰিঙিয়ালে । হয়তো সেই ৰক্তিমেই আনিলে মোৰ হৃদয়লৈ হেঁপাহৰ ঠিকনা । দূবৰিৰ বুকুত খহি পৰা তেজাল পাহিবোৰৰ সৈ'তে বিনিময় কৰোমোৰ অযুত অনুভৱৰ টোপোলা । চিৰিলি চিৰিলি পাতৰ বতাহত ভাহে ভালপোৱাৰ অলেখ কবিতা । মোক উপহাস কৰে সেই সমীৰে । নিসঙ্গ হৃদয়ৰ সঙ্গীৰূপে এদিন আকোঁৱালিছিলো হেঙুলীয়া বেলি আৰু লিখিছিলো হেৰাবলৈ ধৰা হেঙুলৰ সপোন ৰঙী কবিতা । অথচ সেই হেঙুলে ধৰ্ষণ কৰিলে মোৰ হিয়া । কাঢ়ি নিলে মোৰ জীৱনৰ মধুময় ৰ'দালি ৷ দুবাহুৰ শিকলি চিঙি অসীমত মাৰ গ'ল মোৰ বুকুৰ আবেলি ৷ এতিয়া মোৰ বুকুত সীমাহীন সন্ধিয়া ৷ তোমাৰ ছবিকে সোঁৱৰি জীৱনৰ সজ্ঞা বুটলিছো ৷ আজি তোমাৰ বুকুতে বিচাৰি উভতিছো উৱলিব ধৰা মোৰ অনুভৱৰ দলিচা ৷ মোক কিছু আশা দিয়া ৷ ৰঙীণ স্বপ্নৰ সোণালী আভা দিয়া ৷ মোৰ জীৱনলৈ নামি অহা প্ৰতিটো সন্ধিয়াতে তিমিৰৰ ফাকু বিচাৰো ৷
অনু, তুমি মোৰ আশাৰ জোনবাইজনী হ'বানে ? মই প্ৰতি সন্ধিয়া অনুভৱৰ জখলাৰে বগাই তোমাৰ ওঁঠত ফুলাম কৃষ্ণচূড়াৰ সুবাস । তোমাৰ সুবাসত মতলীয়া আবেলিবোৰক খামুচি ধৰি বান্ধি ৰাখিম হৃদয়ৰ চোতালত । পশ্চিমৰ বেলি আৰু পূবৰ ৰূপালী জোনে ঢৌ খেলা আকাশলৈ চাই ৰিঙিয়াম আৰু হেৰাই যাম দুয়ো দুয়োৰে হৃদয়ৰ গভীৰত ।কৃষ্ণচূড়াৰ পাপৰিবোৰ নিৰস হৈ আহিব, লেৰেলিব প্ৰতিটো পাহি ৷ আশা কৰো এই ৰঙীণ ৰঙীণ পৰতে তোমাৰ হিয়াৰ বাতৰিও পঠাবা ৷ মই প্ৰতি চাটি মলয়াৰ বুকুলৈ চাই অপেক্ষা কৰিম ৷
ইতি
তোমাৰ অনুৰাগ
ঠিকনাঃ পোলোঙানী গাওঁ, মাজুলী
দূৰভাষঃ ৭০৮৬৩০৬৫২৯